গৰ্ভৱতী পত্নীক দাৰে ঘপিয়াই হত্যা কৰি শিক্ষক স্বামীয়ে কৰিলে আত্মহত্যা

Jyoti Borah August 01, 2023

ডিজিটেল ডেস্কঃ ধেমাজিৰ জিলা বৰদলনি ভকত কৈৱৰ্ত্ত গাঁৱত সংঘটিত হৈছে এক জঘণ্য আৰু চাঞ্চল্যকৰ কাণ্ড। সোমবাৰে আবেলি সংঘটিত হয় এই ঘটনা। গাওঁখনৰ এজন ব্যক্তিয়ে অতি বৰ্বৰতাৰে নিজৰেই গৰ্ভৱতী পত্নীক দাৰে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে পৰৱৰ্তী সময়ত নিজেও আত্মহত্যাৰ পথ বাছি লৈছে। হত্যাকাৰী ব্যক্তিজন পেছাত এগৰাকী শিক্ষক বুলি জানিব পৰা গৈছে।

ঘটনাৰ তথ্যমতে সোমবাৰে বিয়লি প্ৰায় ৩ বজাত ৰিপুঞ্জিত দাস নামৰ এজন শিক্ষকগৰাকীয়ে নিজ পত্নী চুমী দাস(২২)ক দাৰে ঘপিয়ায়৷ এই আক্ৰমণত চুমীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ গোট খায় আৰু ঘটনাটো দেখি সকলো শিয়ৰি উঠে। জানিব পৰা মতে নিহত চুমী দাস নামৰ এই বোৱাৰীগৰাকী আছিল ৮ মাহৰ অন্তঃসত্বা।

স্বামীৰ দাৰ ঘাপত গুৰুতৰ ভাৱে আহত চুমী দাসক ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়লৈ লৈ যায় স্থানীয় লোকে। তেওঁৰ স্বাস্থ্যৰ অনৱতি ঘটাত ধেমাজি অসামৰিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।

কিন্তু ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ লৈ যোৱাৰ পথতে আহত চুমী দাসৰ মৃত্যু হয়। আনহাতে পত্নীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ৰিপুঞ্জিত দাসেও নিশা আত্মহত্যাৰ পথ বাছি লয়। এই ঘটনাটোকলৈ সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

Share This