মানাহ ৰাষ্ট্রীয় উদ্যানত ভয়ংকৰ ঘটনা

Rashmi May 02, 2025

ডিজিটেল ডেস্কঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ চলি থকাৰ সময়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে হত্যা কৰিলে তিনিটাকৈ বনৰীয় হাতী। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী ৰেঞ্জৰ অধীনস্থ ঘন জংঘলৰ ভিতৰত এই হাতী তিনিটাক হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে ।

পাণবাৰী ৰেঞ্জৰ ভাৰত-ভূটান সীমান্তৰ পালেং চি বীটৰ পৰা কিছু নিলগত এই হাতী তিনিটাৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হৈছে । গভীৰ জংঘলত হাতী তিনিটাক চোৰাং চিকাৰীয়ে হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে। উক্ত ঘটনা পোহৰলৈ অহাৰ পাছত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছে যদিও বিতং তথ্য এতিয়াও জানিব পৰা হোৱা নাই । 

আনপিনে, পাণবাৰী বন বিভাগৰ এটা সশস্ত্ৰ বৃহৎ দল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে। এটা সময়ত চোৰাং চিকাৰীৰ ৰম্যভূমি হিচাপে পৰিচিত পাণবাৰী ৰেঞ্জ এলেকাত পৰৱৰ্তী সময়ত বি টি চি প্ৰশাসন, এবছু আৰু বিভিন্ন প্ৰকৃতিপ্ৰেমী দল-সংগঠনৰ প্ৰচেষ্টাত চোৰাং চিকাৰীসকলক মূলসুঁতিলৈ ওভতাই অনাৰ পিছত পাণবাৰী ৰেঞ্জ এলেকাত বন্য জীৱ-জন্তুৰ চোৰাং চিকাৰ একপ্ৰকাৰ বন্ধ হৈ পৰিছিল। কিন্তু আজিৰ এই ঘটনাই বন বিভাগক চোৰাং চিকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি প্ৰকৃতিপ্ৰেমী সংগঠন ফালৰ পৰা দাবী উত্থাপিত হৈছে ।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This