মঙলদৈত বোৱাৰীৰ ৰুদ্ৰমূৰ্তি; মাকৰ ঘৰলৈ ঘনাই যোৱাত বাধা দিয়াৰ বাবে প্ৰহাৰ শাহুৱেকক

Rashmi June 29, 2025

ডিজিটেল ডেস্ক : চ'তৰ মাহত বৰদৈচিলা মাকৰ ঘৰলৈ যোৱাৰ কথা হয়তো আপোনালোকে শুনিছে, কিন্তু এইবাৰ মাকৰ ঘৰলৈ যাবলৈ ওলাও‍ঁতেই লাগিল কেনা । এগৰাকী বোৱাৰীয়ে মছলা বটা শিলেৰে মৰিয়াই লেবেজান কৰিলে নিজ শাহুৱেকক ।

এই ঘটনা মঙলদৈৰ ৫ নং ৱাৰ্ডৰ । শাহুৱেকক প্ৰহাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শাহুৱেকৰ কাষতে ৬ মহীয়া শিশুক এৰি থৈ মাকৰ ঘৰলৈ গুচি গ'ল বোৱাৰী। ঘটনা অনুসৰি মঙলদৈৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা কৰিম আলীৰ পত্নী জৰিফুল বেগমে পিতৃসহ কেইবাজনো ব্যক্তিৰ সহায়ত শনিবাৰে প্ৰায় ৯/১০ মান বজাত শাহুৱেক কৰিমা বেগমক মছলা পিসা শিলেৰে উপৰ্যুপৰি প্ৰহাৰ কৰে ।

বোৱাৰী জৰিফুল বেগমে শাহুৱেকক মাৰপিট কৰি নিজৰে ৬ মহীয়া কন্যা সন্তানটিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শাহুৱেকৰ কাষতে পেলাই থৈ মাকৰ ঘৰলৈ গুচি যায়। স্বামী কৰিম আলী ঘৰত নথকাৰ সুযোগ লৈ এই কাণ্ড সংঘটিত কৰে পত্নীয়ে। পিছত স্বামী কৰিম আলী ঘৰত উপস্থিত হৈ লগে লগে আঘাতপ্ৰাপ্ত মাতৃক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

এইক্ষেত্ৰত কৰিম আলীয়ে পত্নীসহ আনকেইজন সহযোগীৰ বিৰুদ্ধে  মঙলদৈ থানাত এজাহাৰ দাখিল কৰে। মাৰপিটৰ ঘটনা কিয় সংঘটিত হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও বোৱাৰীজনী সঘনাই মাতৃ গৃহলৈ গৈ থকাৰ বাবে পূৰ্বৰ পৰাই শাহু-বোৱাৰীৰ মাজত মতানৈক্য চলি থকা বুলি জানিবলৈ দিয়ে স্বামী কৰিম আলীয়ে।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This