ডিজিটেল ডেস্ক : বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহুৱা খেলপথাৰত কালি নামনি অসমৰ ৯খন জিলাক সামৰি কংগ্ৰেছৰ বিশাল মাণ্ডলিক কর্মী সভা অনুষ্ঠিত হয়। বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰীশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত গৌৰৱ গগৈ উপস্থিত থাকি ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি ক্ষুৰধাৰ সমালোচনা কৰে। সমাগত বিধানসভাক নির্বাচনত উজনি অসমৰ পৰা কংগ্ৰেছৰ ছুনামি আৰম্ভ হ'ব বুলি কয়। কংগ্ৰেছৰ উত্থানৰ ভয়ত ড° হিমন্ত বিশ্ব শৰ্মাৰ চেহেৰা ক'লা পৰিছে লগতে মূৰৰ চুলি নাইকিয়া হৈ পৰিছে। কংগ্ৰেছ শাসনত আহিলে হিমন্ত বিশ্ব শর্মা জে'লত যাব লাগিব সেয়া নিশ্চিত বুলি গৌৰৱ গগৈয়ে ভাষণত কয়।
বদৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মাৰ ১০৮ এম্বুলেঞ্চ বুলি উল্লেখ কৰি কয়, 'যেতিয়াই হিমন্ত বিশ্ব শৰ্মা বিপদত পৰে তেতিয়াই ১০৮ (বদরুদ্দিন আজমল) ক ফ'ন কৰে আৰু চিকিৎসা কৰাৰ কাৰণে কিছুমান কথা ক'বলৈ সংবাদ মাধ্যমক কয় আৰু আজমলে হিমন্ত বিশ্ব শৰ্মাৰ শ্রুতলিপি মতে কয়। কিন্তু এইবাৰ আজমলৰ ১০৮ এম্বুলেঞ্চে কাম নিদিয়ে কাৰণ যোৱা লোক সভাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলৰ ১০৮ৰ পামছাৰ কৰি দিছে সাংসদ ৰকিবুল হুছেইনে। ড° হিমন্ত বিশ্ব শর্মাই নিজকে হিন্দু বুলি জাহিৰ কৰি ফুৰে আৰু আনফালে গৰু ছিণ্ডিকেট চলায়। প্রকৃত হিন্দুই কেতিয়াও গৰু ছিণ্ডিকেটত জড়িত থাকিব নোৱাৰে বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত আটাইতকৈ ভয়াতুৰ ৰাজনৈতিক নেতা। কাৰণ যেতিয়াই বিপদৰ সন্মুখীন হোৱাৰ ভয় দেখা পায় তেতিয়াই ৰং সলায়। আছুত থাকোঁতে বিভিন্ন অভিযোগত লিপ্ত থাকি কংগ্রেছত যোগদান কৰিছিল আৰু কংগ্ৰেছৰ সময়ত লুইজ বাৰ্জাৰৰ কেলেংকাৰিৰ পৰা ৰক্ষা পাবলৈ বিজেপিত যোগদান কৰে। ৰাজ্যৰ উন্নয়নৰ নামত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ অৰ্থনৈতিকভাৱে উন্নয়ন হৈছে। চৰকাৰৰ আঁচনি তেওঁৰ পৰিয়ালৰ কোম্পানীৰ জৰিয়তে ৰূপায়ণ হয় বুলি কয় গৌৰৱ গগৈয়ে।
অসম গণ পৰিষদকো সমালোচনা কৰে গৌৰৱ গগৈয়ে। অগপই কেৱল দুই তিনিজন নেতাৰ কথা চিন্তা কৰে। অগপই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত আঁঠু কাঢ়ি বহিছে বাবে আজিৰ দিনত অগপৰ সাংগঠনিক ভেটি একেবাৰে দুৰ্বল হৈ পৰিছে। কালিৰ এই মাণ্ডলিক কর্মী সভাত গৌৰৱ গগৈৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অসম প্রদেশ কংগ্ৰেছৰ তত্ত্বাবধায়ক পৃথিৰাজ সাথে, ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্রী বন্ধু তিকী, সাংসদ ৰকিবুল হুছেইন, প্রাক্তন সাংসদ আব্দুল খালেক, বিধায়ক ক্রমে জাকিৰ হুছেইন শিকদাৰ, প্রদীপ সৰকাৰ, এ কে ৰছিদ আলম, বাজেদ আলী চৌধুৰী, আফতাবুদ্দিন মোল্লা, আব্দুল বাতিন খন্দকাৰ, আব্দুৰ ৰহিম আহমেদ, ড° আছিফ নজিৰ আৰু ৯খন জিলাৰ প্ৰায় ১০ হাজাৰ কংগ্ৰেছৰ কৰ্মী।