মানকাচৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

Kakali Deka April 21, 2025

ডিজিটেল ডেস্কঃ মানকাচৰ আৰক্ষীয়ে নাকা চেকিং চলোৱাৰ সময়তে তালাচী চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে দুই সৰবৰাহকাৰীক। ধৃত মানকাচৰৰ চোমৰাশালী গাঁৱৰ আহমেদ হুছেইন আৰু ইদ্ৰিছ আলী।

ধৃত সৰবৰাহকাৰী দুজনৰ পৰা ১২৩ গ্ৰাম ওজনৰ ৯৫৩ টা য়াবা টেবলেট জব্দ কৰে। লগতে এটা মটৰ চাইকেল, দুটা ম'বাইলসহ নগদ ৩২২০ টকা জব্দ কৰিবলৈ সক্ষম হয়।

আনহাতে একে সময়তে মানকাচৰৰ কুকুমাৰা মিৰকামাৰীত হেৰ'ইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন সৰবৰাহকাৰী। ধৃত মানকাচৰৰ কদমতুলী গাঁৱৰ ৰাবিউল ইছলাম।

আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীৰ পৰা হেৰ'ইন ভৰ্তি এটা চাবোনৰ বাকচ আৰু এটা ম'বাইল ফ'ন জব্দ কৰে। উল্লেখ্য যে ধৃত সৰবৰাহকাৰী সৈতে ছেইফ হুছেইন নামৰ আন এজন সৰবৰাহকাৰী আছিল যদিও আৰক্ষীয়ে আটক কৰিব পৰা নাই।

সম্প্ৰতি, ড্ৰাগছ সৰবৰাহকাৰী তিনিজনক মানকাচৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This