ডিজিটেল ডেস্ক: নগাঁও জিলাৰ কচুৱাৰ লুটুমাৰী বনাঞ্চলৰ উচ্ছেদ অভিযান কালি দ্বিতীয় দিনাও তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হয়। উচ্ছেদৰ বলি হোৱা শশ পৰিয়ালে পানী কেঁচুৱাসহ গছৰ তলতে অন্ন-পানীবিহীনভাৱে পাৰ কৰে।
লংজাপ মাজগাঁৱত নিজৰ চকুৰ সন্মুখতে ধ্বংস হোৱা গৃহৰ মায়া এৰিব নোৱাৰি নিশাটো উজাগৰে থকা এটা দম্পত্তি সংজ্ঞাহীন হৈ পৰাৰ লগতে পদুমণি গাঁৱত উচ্ছেদ কাৰ্য চলি থকাৰ মাজতে প্রকাণ্ড তামোল গছ মূৰত পৰাত আব্দুল ৰহিমৰ বিবাহিত পুত্ৰ ৰছিদুল ইছলাম (২৬) গুৰুতৰভাৱে আহত হয়। মূৰ ফাটি অধিক ৰক্তক্ষৰণ হোৱাত সংকটজনক অৱস্থাত তেওঁক নগাঁও হস্পিটেলত ভর্তি কৰোৱা হয়। কালি কান্দাপাৰা টঙীয়া আৰু পদুমণি গাঁৱৰ শতাধিক গৃহ বুলড'জাৰ লগাই ভাঙি দিয়াৰ লগতে বেদখলকাৰী লোকৰ তামোল বাগানসমূহ উচ্ছেদ কৰে।
নগাঁও বন সংমণ্ডলৰ কর্মীসকলে মাইকযোগে উচ্ছেদস্থলীত এজনো মানুহ থাকিব নোৱাৰিব বুলি নিৰ্দেশ জাৰী কৰে। এনে কঠোৰ নির্দেশনা পায়ো ভূমিহীন লোকসকল গছৰ তলে তলে টালি টোপোলা লৈ আশ্রয় লোৱা দেখা যায়। উচ্ছেদিত লোকসকলে নিজে পাতি লোৱা কেইবাটাও অস্থায়ী শিবিৰত এটুপি খোৱা পানীৰ বাবে কক্কাই থাকে। 'জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কৈ চৰকাৰে আমাৰ ঘৰ-বাৰীসমূহ ভাঙি আমাক গৃহহীন কৰি পেলাইছে। আমাৰ মাটি নাই, ল'ৰা-ছোৱালীৰ পৰীক্ষাৰ সময়, কিতাপ-বহীসমূহ নষ্ট কৰি দিছে, আমাক চৰকাৰী ঘৰো দিছে, লাখপতিৰ চে'ক দিছে, অৰুণোদয় দিছে, ৰেচন কার্ডো দিছে আমি কলৈ যাম, কি খাম?' এইদৰে বহু মহিলাই কান্দি কান্দি পুনৰ সংস্থাপনৰ দাবী জনায়। ইপিনে বিগত ২৭ নৱেম্বৰৰ পৰা অহৰ্নিশে কর্তব্য পালন কৰা বন বিভাগৰ কৰ্মচাৰী, আৰক্ষী, অর্ধ সামৰিক বাহিনী আৰু স্বাস্থ্যকৰ্মীৰ বাবে যোগান ধৰা খাদ্য সামগ্ৰী খুবেই নিম্নমানৰ বুলি অভিযোগ উঠিছে ।