ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী, হিয়াৰ আমঠু জুবিন গাৰ্গক হেৰুৱাই শোকত ম্রিয়মাণ মৰিয়নিবাসী। জুবিনৰ মহাপ্রয়াণত দ্বিতীয় দিনৰ বাবেও স্তব্ধ হৈ পৰে মৰিয়নি আৰু ইয়াৰ পার্শ্ববর্তী অঞ্চলসমূহ। শনিবাৰে সমগ্ৰ মৰিয়নি বন্ধ হোৱাৰ পাছত কালি দ্বিতীয় দিনৰ বাবেও মৰিয়নিৰ সকলো দোকান-পোহাৰ বন্ধ থাকে। উল্লেখযোগ্য যে আনদিনা দেওবাৰে মৰিয়নি নগৰ সম্পূৰ্ণ খোলা থাকে। দেওবাৰেই সাপ্তাহিক বজাৰো বহে। এই সূত্রে অন্য বাৰতকৈ দেওবাৰৰ গুৰুত্ব কিছু বেছি। তদুপৰি সন্মুখত দুর্গাপূজা। তৎসত্ত্বেও কালি মৰিয়নি নগৰৰ সকলোবোৰ দোকান-পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকি প্রিয় শিল্পীজনলৈ শ্রদ্ধাজলি নিবেদন কৰে।
একেদৰে বন্ধ থাকে মৰিয়নিৰ বাণিজ্যিক বাহনসমূহো। কালি যোৰহাট-মৰিয়নি, মৰিয়নি- আমগুৰি, মৰিয়নি-তিতাবৰ- গোলাঘাট আদিৰ সকলো যাত্রীবাহী বাহনৰ চলাচলো সম্পূর্ণরূপে বন্ধ থাকে। ইফালে, সমগ্ৰ দিনটো নগৰৰ ঠায়ে ঠায়ে লোকে জুম বান্ধি কেৱল জুবিনৰ চৰ্চা কৰা দেখা গ'ল। সন্ধিয়া বিভিন্ন ঠাইত জুবিনলৈ শ্রদ্ধাঞ্জলি জনোৱা হয় আৰু নগৰৰ বাহিৰৰপৰাও শ্ৰদ্ধাঞ্জলি জনোৱাৰ খবৰ আহি আছে। ইফালে, নগৰৰ থানা তিনিআলিত ৰাজহুৱাভাৱে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন লোকে শ্রদ্ধাঞ্জলি জনাই গৈছে। দহটা দিনৰ বাবে এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হৈছে। শনিবাৰে ৰাতিও সহস্রাধিক লোকে এই শ্রদ্ধাঞ্জলিত ভাগ লয়। একেদৰে কালি সন্ধিয়াও অগণন লোক উপস্থিত হৈ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনায়। এই ঠাইত কেবাজনো স্থানীয় শিল্পীয়ে জুবিন গাৰ্গৰ গীত, প্ৰাৰ্থনা আদি পৰিৱেশন কৰিও জুবিনলৈ শ্রদ্ধা নিবেদন কৰে।
ইফালে, কালি পুৱা মহালয়াৰ সকলো পৰিৱেশ স্তিমিত হৈ পৰে। নগৰৰ উপকণ্ঠ বিভিন্ন ঠাইৰ লগতে নগৰৰো যথেষ্টসংখ্যক লোক নিচেই পুৱাতে নগৰত সমবেত হয় যদিও পূৰ্বৰ দৰে আনন্দ-উল্লাস কৰাৰ পৰা বিৰত থাকে। সকলোৱে শান্তিপূর্ণভাৱে নগৰত পৰিভ্ৰমণ কৰি সকলো যায়গৈ। একদৰে ৰাজ্যিক শোক পালন কৰি থকাৰ বাবে মহালয়াৰ পুৱা নগৰত অস্থায়ী মিঠাইৰ দোকান, বেলুন-পুতলা- পেঁপা আদিৰ দোকান খোলাত প্রশাসন আৰু পৌৰসভাই নিষেধাজ্ঞা জাৰি কৰাত সমগ্ৰ পৰিৱেশেই নিস্তেজ হৈ পৰে। পুৱাৰ ভাগতো থানা তিনিআলিৰ ৰাজহুৱা শ্রদ্ধাঞ্জলি স্থানত বহু লোকে প্রিয় শিল্পীজনলৈ শ্রদ্ধাঞ্জলি জনায়।