উদুলি-মুদুলি চাবুৱাৰ বেংমৰা ক্ষেত্ৰ, বৰ্ণিল কাৰ্যসূচীৰে মটক যুৱ মহোৎসৱ

dainik janambhumi February 07, 2026

ডিজিটেল ডেস্ক: সদৌ অসম মটক সম্মিলন আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ এক বিংশতিতম দ্বি-বার্ষিক অধিৱেশনৰ সদৌ অসম মটক মহিলা পৰিষদৰ সপ্তম দ্বি-বার্ষিক চাবুৱা কেন্দ্ৰীয় অধিৱেশন আৰু মটক যুৱ মহোৎসৱ ২০২৬ বৃহস্পতিবাৰৰে পৰা চাবুৱা বিশমাইলৰ খাঁজিখোৱা গ'ল্‌ল্ফ খেলপথাৰৰ বেংমৰা সমন্বয় ক্ষেত্ৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। 

বৃহস্পতিবাৰে পুৱা ভাগত পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণৰ কার্যসূচী অনুষ্ঠিত হয়। দিনৰ ভাগত ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্রতিযোগিতাৰ লগতে ন-পুৰণি সতীর্থ সন্মিলন আৰু অনুষ্ঠিত হয় আলোচনা-চক্র। 

'নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০' আৰু ৰাষ্ট্ৰীয় ক্রীড়া নীতি-২০২৫'ৰ শীৰ্ষক আলোচনা-চক্রখনি উদ্বোধন কৰে চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্রদীপ কুমাৰ বড়াই। আলোচনা-চক্রত শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ, আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মটক যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁইকে প্রমুখ্য কৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। 

অন্যহাতে 'সাম্প্রতিক আন্তঃৰাষ্ট্ৰীয় আৰ্থ-ৰাজনৈতিক ব্যৱস্থা আৰু ক্ষুদ্র জাতি-জনগোষ্ঠীৰ স্বাধিকাৰৰ প্ৰশ্ন' শীর্ষক বিষয়ৰ বক্তৃতা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° অখিল ৰঞ্জন দত্তৰ লগতে বহুকেইগৰাকী চিন্তাবিদে অংশগ্রহণ কৰে। সন্ধিয়ালৈ প্রথমবাৰলৈ অনুষ্ঠিত হয় 'চাবুৱা আইডল'ৰ মেগা প্রতিযোগিতা। অডিশ্যনৰ পিছত নিৰ্বাচিত ১৮গৰাকীৰ ভিতৰত কাবেৰী ফুকন শ্রেষ্ঠ হোৱাৰ বিপৰীতে দৃষ্টিনা দিহিংগীয়াই লাভ কৰে ৰানাৰ্ছ আপৰ খিতাপ। 

অসমৰ যশস্বী সংগীত পৰিচালক অজয় ফুকনৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই মেগা প্রতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰিছিল পদ্মশ্রী বঁটা প্রাপক দুলাল মানকী, অনাতাঁৰ শিল্পী পূর্ণেন্দু দাস, সংগীত শিল্পী অনুপম বুঢ়াগোহাঁই আৰু শিল্পী টুটুমণি ফুকনে। নিশালৈ অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া। দ্বিতীয় দিনা মটক জনগোষ্ঠীৰ পৰম্পৰাগত তোলনি বিয়া, মটক গছতলৰ বিহু, কুলাবুড়ী নাচ, চিকাৰী নাচ আদি প্রদর্শিত হয়। লখিমী খেড়ী, গছতলৰ বিহু উদ্বোধন কৰে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ সঞ্চালিকা ড° সংগীতা গগৈয়ে। অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিতো মটক মহিলাসকলে পৰিৱেশন কৰে 'লখিমী খেড়ী'। 

সহস্রাধিক মটক মহিলাই পৰিৱেশন কৰা পৰম্পৰাগত লখিমী খেড়ীয়ে উপস্থিত ৰাইজৰ দৃষ্টি আকর্ষণ কৰে। মন্ত্ৰী পীযূষ হাজৰিকাই নিজৰ চমু ভাষণত মটক জনগোষ্ঠীৰ বাবে চৰকাৰে লোৱা পদক্ষেপসমূহৰ লগতে জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে চৰকাৰে আগন্তুক সময়ত পদক্ষেপ গ্রহণ কৰিব বুলি আশ্বাস প্রদান কৰে। অনুষ্ঠানত চাবুৱা-লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, পোনাকণ বৰুৱাৰ লগতে বহু জনগোষ্ঠীয় নেতৃবর্গ উপস্থিত থাকে। দিনৰ ভাগত অনুষ্ঠিত মটক জনগোষ্ঠীৰ পৰম্পৰাগত খেলৰ উদ্বোধন কৰে মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা ৰমেশ গোহাঁয়ে। মানসিক উৎকর্ষ সাধনত যুৱ প্ৰজন্মৰ কৰণীয় শীর্ষক বক্তৃতা অনুষ্ঠান উদ্বোধন কৰে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই। 

মটক জনগোষ্ঠীৰ পৰম্পৰাগত কলাকৃষ্টি প্ৰদৰ্শন (গছতলৰ বিহু, চিকাৰী নাচ আৰু কুলাবুড়ী নাচ) ৰ উদ্বোধন কৰে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ সঞ্চালক ড° সংগীত গগৈয়ে। প্রায় ১০ হাজাৰ গৰাকী সৰজীৰ দ্বাৰা পৰম্পৰাগত লখিমী খেড়ী পৰিৱেশনৰ শুভ উদ্বোধন কৰে চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড° ননীৰূপা চেতিয়াই। ইয়াৰ পিছতে মটক জনগোষ্ঠী গছতলৰ বিহুৱে সকলোকে মুহিত কৰিলে।

Share This