আলহী পক্ষীৰ কোলাহলত প্রাণচঞ্চল মতাপুং মাগুৰি বিল

dainik janambhumi January 02, 2026

ডিজিটেল ডেস্ক : উজনি অসমৰ তিনিচুকীয়া চহৰৰ পৰা মাত্র ৯ কিল'মিটাৰ নিলগৰ ডিব্ৰুগড় ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া মতাপুং মাগুৰি বিল এতিয়া প্রাণচঞ্চল আলহী পক্ষীৰ কোলাহলত। প্ৰতিবছৰৰ দৰে শীতৰ আগমনৰ লগে লগে এইবাৰো বিভিন্ন পৰিভ্ৰমী চৰায়ে বৃদ্ধি কৰিছে ইয়াৰ সৌন্দৰ্য। চৰাইৰ বাবে অসমৰ মানচিত্রত এক সুকীয়া স্থান দখল কৰা মতাপুং মাগুৰি বিলত চৰাইৰ বিভিন্ন ভংগিমা উপভোগৰ বাবে আগমন ঘটে আমেৰিকা, ফ্রান্স, জাপান, ইংলেণ্ড আদিৰ পৰ্যটকৰো। কিন্তু এনে এক দৃষ্টিনন্দন পৰিৱেশে বিৰাজ কৰা মতাপুং মাগুৰি বিলৰ বাবে ৰাজ্যৰ বিয়াগোম পর্যটন বিভাগে লোৱা নাই কোনো উল্লেখনীয় পদক্ষেপ। প্রায় তিনিশৰো অধিক দেশী-বিদেশী পক্ষীৰ সমাগমস্থলী বিলখনত মার্চ এপ্রিল পর্যন্ত চৰাইসমূহ পৰ্যটকে প্রত্যেক্ষ কৰে। 

জানিব পৰা মতে, চাইবেৰিয়া, ৰাছিয়া, নৰৱে, ইংলেণ্ড জাপান আদি দেশৰ পৰাও অহা পৰিভ্ৰমী পক্ষীসমূহৰ বাবে মতাপুং মাগুৰি বিল স্বৰ্গভূমি হিচাপে পৰিগণিত হৈছে। ইতিমধ্যে মেণ্ডাৰিন ডাকৰ দৰে সুন্দৰ পক্ষীও এই বিলত বিগত সময়ত প্রত্যক্ষ কৰাৰ বাতৰি বিভিন্ন মাধ্যমত ভাইৰেল হৈ পৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই পক্ষী অথবা বিলখনৰ সংৰক্ষণৰ দায়িত্ব গ্রহণ কৰি আহিছে কাষতে লাগি থকা বাৰেকুৰি আৰু বাঘজান গাঁৱৰ বাসিন্দাই। যদিও একাংশ লোকে বিলখনৰ পৰা মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে কিন্তু পৰিভ্ৰমী পক্ষীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কৃপণালি কৰা নাই। স্থানীয় ৰাইজৰ এনে অভূতপূর্ব সহযোগ, পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে কিয় গুৰুত্ব প্রদান কৰা নাই সেয়া এক দীর্ঘদিনীয়া সাঁথৰ হিচাপে পৰিগণিত হৈছে। 

ইয়াৰ উপৰি, বিলখনৰ কাষতে আছে জৈৱ-বৈচিত্র্যৰে ভৰপূৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বিশ্ববিখ্যাত বন-ঘৰচীয়া ঘোঁৰা আৰু নদী শিহু (Gangetic River Dolphin)। তদুপৰি, প্ৰচুৰ কমলা উৎপাদন হোৱা বাবে অৰেঞ্জ চিটি নামেৰেও খ্যাতি আছে তিনিচুকীয়াৰ। জিলাখনৰ অৰুণাচল সীমান্তৱৰ্তী ডিৰাক অঞ্চলত প্ৰচুৰ পৰিমাণে নেমু টেঙা উৎপাদিত হোৱা বাবে অঞ্চলটো 'লেমন জ'ন, অথবা 'লেমন ভিলেজ' হিচাপে স্বীকৃতি লাভ কৰিছে। মন কৰিবলগীয়া যে বিলখনত বিভিন্ন প্ৰজাতিৰ মাছ আৰু প্ৰায় ৬টা প্ৰজাতিৰ কাছও পোৱা যায়। ২৭০৩৪/৪৯.৯২//-ৰ পৰা ২৭°৩৪/৩৪.৯৮// উত্তৰ অক্ষাংশলৈ আৰু ৯৫°২১/৩৭.৬৮/-ৰ পৰা ৯৫°২৪/১১.৩৯′ পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত মতাপুং মাগুৰি বিলক Important Bird Area (IBA) হিচাপে Birdlife International and Bombay Natural History Society নামৰ বেচৰকাৰী সংস্থা দুটাই স্বীকৃতি প্রদান কৰিছে। বিলখনক শেহতীয়াকৈ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্রদান কৰিছে। 

অৱশ্যে, পৰ্যটকৰ সুবিধাৰ বাবে আগবাঢ়ি অহা উদীয়মান টুৰিষ্ট গাইডসকলক লাইচেঞ্চ প্রদান কৰিয়েই দায়িত্ব সামৰিছে চৰকাৰে। কিন্তু দুষ্কৃতিকাৰীৰো শেনচকু থকা মতাপুং মাগুৰি বিলক কিমান দিনলৈ সুৰক্ষা দিব কাষৰীয়া ৰাইজে। সুৰক্ষা ব্যৱস্থা কটকটীয়া নোহোৱাৰ ফলতেই বিভিন্ন পৰিভ্ৰমী চৰাই আৰু মাছ-কাছও অবাধে চিকাৰ কৰি আহিছে দুষ্কৃতিকাৰীয়ে। এনে পৰিপ্ৰেক্ষিতত চৰকাৰৰ গুৰুত্ব অবিহনে বিলখনৰ সৌন্দর্য বর্তি থাকিবনে তাক লৈও চিন্তিত অঞ্চলটোৰ সচেতন মহল।

Share This