যাদুনগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যৰ দৃষ্টিনন্দন দৃশ্য

Rashmi December 01, 2025

ডিজিটেল ডেস্ক: আলহী পক্ষীৰ কাকলিত মুখৰিত মায়ঙৰ পবিতৰা অভয়াৰণ্য। গঁড়, ম'হ, গাহৰিৰ লগতে পৰিভ্ৰমী পক্ষীৰ দৃষ্টিনন্দন দৃশ্যই এতিয়া আকৰ্ষণ কৰিছে পৰ্যটকক।

যাদুনগৰী মায়ঙৰ পবিতৰা অভয়াৰণ্যত অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু তামুলীডুৱা বিল। এই তামুলীডুৱা বিলৰ নিচেই কাষৰ পৰাই ৩০ৰ পৰা ৩৫টা গঁড় একেলগে দেখা পোৱাটো পৰ্যটকৰ বাবে বৰ্তমান প্ৰায় সুলভ।

দেশ-বিদেশৰ পৰ্যটকে নিচেই কাষৰ পৰা উপভোগ কৰিছে কেইবাটাও গঁড় একেলগে বিচৰণ কৰাৰ ৰোমাঞ্চকৰ দৃশ্য। লগতে আকৌ বন্য ম'হজাক , বন্য গাহৰিৰ লগতে পৰিভ্ৰমী পক্ষীজাকে অনন্য সুন্দৰ কৰি তুলিছে পবিতৰা অভয়াৰণ্য।

পবিতৰা অভয়াৰণ্যৰ গঁড়, ম'হ, বিভিন্ন পৰিভ্ৰমী চৰাইৰ লগতে পবিতৰাৰ নান্দনিক দৃশ্যই আপ্লুত কৰি তুলে পৰ্যটকক।

পবিতৰা অভয়াৰণ্যৰ তামুলীডুৱা বিলৰ এনে নান্দনিক দৃশ্যই হাত বাউলি মাতিছে এতিয়া পৰ্যটকক।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This