ডিজিটেল ডেস্ক: টাটাই জাগীৰোডত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনৰ পাছত ৰাজ্যখনত ঔদ্যোগীকৰণৰ প্রচেষ্টাক উৎসাহিত কৰিবলৈ মৰিগাঁও ৰাজহ চক্ৰত ৫৬৯ বিঘ্না ভূমি আবণ্টনত দিছপুৰত অনুষ্ঠিত কেবিনেটে অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত অনুসৰি মেগা ঔদ্যোগিক উদ্যান স্থাপনৰ বাবে উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগে এই ভূমি লাভ কৰিব।
কেবিনেটৰ সিদ্ধান্ত অনুসৰি এ পি ডি চি এলৰ দ্বাৰা ২৫০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ বাবে সফল নিবিদা দাতাসকললৈ আৰু 'মুখ্যমন্ত্ৰী সৌৰশক্তি প্রকল্প'ৰ অধীনত সৌৰ উদ্যানৰ উমৈহতীয়া আন্তঃগাঁথনিৰ বাবে অনুমতি-পত্ৰ জাৰি কৰাত অনুমোদন জনায়। নবীকৰণযোগ্য শক্তি খণ্ডত অসমক এক পছন্দৰ বিনিয়োগৰ স্থান হিচাপে প্রতিষ্ঠা কৰিবলৈ কেবিনেটে সৌৰ, বায়ু, ক্ষুদ্র জলবিদ্যুৎ প্রকল্প, পাম্পযুক্ত সঞ্চয় প্রকল্প, বেটাৰী শক্তি সঞ্চয় প্রণালী, সেউজ হাইড্রজেন, জৈৱ ইন্ধন, ই ডি প্ৰণালী আদিৰ প্ৰসাৰৰ বাবে অসম সংহত স্বচ্ছ শক্তি নীতি, ২০২৫ৰ খচৰাত অনুমোদন জনাইছে। অসমত আধাৰ স্থাপন কৰা উদ্যোগসমূহক বিভিন্ন উদগনি প্ৰদান কৰিব। কোকৰাঝাৰ আৰু চিৰাং জিলাত অৱস্থিত ৩১৬.২৯ বর্গ কিল'মিটাৰ বিস্তৃত অঞ্চলটোৰ সমৃদ্ধ জৈৱ-বৈচিত্র্য সুৰক্ষিত কৰাৰ বাবে শিখনা জৌলাও অষ্টমখন ৰাষ্ট্ৰীয় উদ্যানৰ অধিসূচনাত অনুমোদন জনাইছে। বি টি আৰৰ চিৰাং জিলাত স্বামী বিবেকানন্দ বিশ্ববিদ্যালয় নামেৰে এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনোৱা হয়। নেশ্যনেল কমিছন ফৰ ইণ্ডিয়ান ছিষ্টেম অব্ মেডিচিনৰ দ্বাৰা স্বীকৃত প্রতিষ্ঠানসমূহত তিনি বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰা আয়ুর্বেদিক চিকিৎসকসকলক তিনিটা আগতীয়া দৰমহা বৃদ্ধিত অনুমোদন জনাইছে কেবিনেটে।
মিচিং, ৰাভা হাছং, ঠেঙাল কছাৰী, সোণোৱাল কছাৰী, দেউৰী, বড়ো কছাৰী কল্যাণ আৰু তিৱাকে ধৰি সাতখন স্বায়ত্তশাসিত পৰিষদৰ আইনৰ সংশোধনীত আজিৰ কেবিনেটে অনুমোদন জনায়। এই পৰিষদসমূহ নিৰ্বাচন নোহোৱা পৰ্যন্ত বৰ্তমানৰ স্বায়ত্ত পৰিষদেই দায়িত্বত থাকিব। অহা এপ্ৰিলৰ ভিতৰত ৰাভা স্বায়ত্ত পৰিষদৰ আৰু ছেপ্টেম্বৰত মিছিং আৰু ঠেঙাল স্বায়ত্ত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তদুপৰি নির্বাচিত সদস্যৰ সংখ্যা ৩৬ৰ পৰা ৩৮লৈ বৃদ্ধি কৰিবলৈ তিৱা স্বায়ত্তশাসিত পৰিষদ (সংশোধনী) আইনত অনুমোদন জনোৱা হৈছে।