ডিজিটেল ডেস্ক : মেৰাপানীৰ ছীডফার্মত নগাই তৈল খেজুৰৰ পুলি ৰোপণক কেন্দ্ৰ কৰি দ্বিতীয় দিনাও নগাৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদ অব্যাহত আছে।কালি বীজপাম, মেৰাপানী ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু মেৰাপানীৰ ভেলৌগুৰিৰ বিভিন্ন গাঁৱৰ শ শ কৃষক ৰাইজে মেৰাপানীৰ ছীডফাৰ্ম পাচ আলিত ঐক্যবদ্ধ সংগ্ৰামেৰে তীব্র প্রতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে অসম-নগালেণ্ড সীমান্তৰ অসমৰ ভৌগোলিক মানচিত্ৰৰ ভিতৰৰ ভেলৌগুৰিৰ ছীডফাৰ্মৰ ১৩০০ একৰ ভূমিত ৰোপণ কৰিবলৈ নগাই ছীডফাৰ্মত হাজাৰ হাজাৰ তৈল খেজুৰৰ পুলি মজুত কৰিছে। ইফালে অসম-নগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ ছীডফাৰ্মৰ ভূমিত বছৰ বছৰ ধৰি অসমৰ কৃষকে ভোগ-দখল কৰি অহাৰ পাছত উক্ত কৃষিভূমিত নগাই তৈলখেজুৰৰ পুলি ৰোপণ কৰিবলৈ চেষ্টা কৰা কাৰ্যক মেৰাপানীৰ কৃষক ৰাইজে তীব্র প্রতিবাদ জনাইছে। নগাই মেৰাপানীৰ ছীডফাৰ্মত মজুত ৰখা তৈলখেজুৰৰ পুলি ওভতাই নিয়া, ছীডফার্মত অসমীয়া কৃষকক ভূমি অধিকাৰ দিয়া, ছীডফাৰ্মৰ ভিতৰৰ ৮৩টা অসমীয়া পৰিয়ালৰ গৃহত বিদ্যুতৰ ব্যৱস্থা কৰা, জয়পুৰত চৰকাৰী আঁচনি, খোৱাপানী, গৃহ নিৰ্মাণ আদিৰ বাবে ব্যৱস্থা কৰা আদি কেইবাটাও দাবীৰে কৃষকে প্রতিবাদ অব্যাহত ৰাখে।
ইফালে কালি পুৱা ১০ বজাত কৃষকে প্রতিবাদ সাব্যস্ত কৰিবলৈ লওঁতেই, অসম ভূমিত নগা আৰক্ষীৰ পহৰা প্ৰত্যক্ষ কৰি প্ৰতিবাদস্থলীত সমবেত হোৱা ৰাইজ জাঙুৰ খাই উঠে আৰু প্ৰতিবাদস্থলীত দাদাগিৰি কৰিবলৈ অহা নগালেণ্ড আৰক্ষীক পহুখেদা দিয়ে প্রতিবাদকাৰী ৰাইজে। লগে লগে নগালেণ্ড পুলিচ গ' বেক ধ্বনিৰে মেৰাপানীৰ ভেলৌগুৰি উত্তাল হৈ পৰে। তাৎপর্যপূর্ণ বিষয়টো হ'ল, মেৰাপানী সীমান্তৰ ভেলৌগুৰিৰ ছীডফাৰ্মত বিবদমান এলেকা বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰি নগালেণ্ডৰ কৃষি বিভাগে পাম অইলৰ খেতি কৰাক লৈ জাঙুৰ খাই উঠিছে মেৰাপানীবাসী। উচ্চতম ন্যায়ালয়ৰ নির্দেশনাক সন্মান জনাই অসমৰ ৰাইজে ন্যায়ালয়ৰ স্থিতাৱস্থাক বাহাল ৰখাৰ পাছতো নগা প্রশাসনে বাৰে বাৰে অসমৰ ভূমি আগ্রাসন চলোৱা কাৰ্যক স্থানীয় ৰাইজ আৰু কেইবাটাও জাতীয় সংগঠনে ছীডফাৰ্মৰ সমীপত ভেলৌগুৰি পাচ আলিত অৱস্থান কৰি নগাৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ এখন প্রতিবাদী সভা অনুষ্ঠিত কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। ইফালে নগাই মজুত ৰখা তৈলখেজুৰৰ পুলি মেৰাপানীৰ ছীডফাৰ্মৰ পৰা আঁতৰাই নিনিয়া পর্যন্ত নগাৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব বুলি প্রতিবাদকাৰীয়ে স্পষ্টকৈ জানিবলৈ দিয়ে। উল্লেখযোগ্য বিষয় যে ছীডফার্ম, মেৰাপানী ভূমি অধিকাৰ সংগ্ৰাম সমিতি আৰু প্ৰতিবাদকাৰী কৃষক ৰাইজৰ লগত কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্র মুক্তি সংগ্রাম সমিতি, নাৰীমুক্তি সংগ্রাম সমিতি, বীৰ লাচিত সেনাৰ গোলাঘাট জিলা সমিতি আৰু মেৰাপানী আঞ্চলিক সমিতি, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতি আৰু সমগ্র দৈয়াং অঞ্চলৰ সংগ্ৰামী ৰাইজে ঐক্যবদ্ধভাবে সংগ্রাম অব্যাহত ৰাখিছে। কালিৰ ঐক্যবদ্ধ সংগ্ৰামত অসম-নগালেণ্ড সীমান্তত নিয়োজিত চি আৰ পি এফ, মেৰাপানীৰ আৰক্ষী প্রশাসন আৰু অসম-নগালেণ্ড সীমান্তৰ সীমান্ত দণ্ডাধীশ ৰাতুল ৰয় উপস্থিত থাকি প্রতিবাদী ৰাইজৰ লগত আলোচনা কৰে যদিও আলোচনা কার্যতঃ বিফল হয়।
প্রতিবাদকাৰীসকলে মেৰাপানীৰ ছীডফাৰ্মত ৰোপণৰ বাবে নগাই অবৈধভাৱে মজুত ৰখা তৈল খেজুৰৰ পুলিসমূহ ওভতাই নিয়াৰ নির্দিষ্ট সময় নির্ধাৰণ কৰাৰ দাবী তুলিছিল যদিও নগালেণ্ডৰ সীমান্ত দণ্ডাধীশৰ সৈতে আলোচনাৰ পাছতহে তৈলখেজুৰৰ পুলি ওভতাই নিয়াৰ দিন থিৰাং কৰিব পৰা যাব বুলি মেৰাপানীৰ সীমান্ত দণ্ডাধীশগৰাকীয়ে জানিবলৈ দিয়ে। বাতৰি লিখা সময়লৈকে সীমান্ত দণ্ডাধীশগৰাকীয়ে ৰাইজে দাবী কৰামতে তৈলখেজুৰৰ পুলিসমূহ ওভতাই নিব তাৰ সিদ্ধান্ত দিব নোৱাৰাত প্ৰতিবাদী ৰাইজে দিনে নিশাই ধাৰাবাহিকভাবে প্রতিবাদ অব্যাহত ৰখাৰ সিদ্ধান্ত লয়।