সামাজিক মাধ্যমত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ দুখ প্রকাশ

dainik janambhumi June 30, 2025

ডিজিটেল ডেস্ক : গিৰ গাইক কেন্দ্ৰ কৰি হোৱা সমালোচনা, সাংবাদিকক তাচ্ছিল্য কৰাক লৈ হোৱা বিতৰ্কৰ বাবে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক লৈ এইকেইটা দিন সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম সৰৱ হৈ আছে। এনে অৱস্থাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই নিজে মন্ত্রীজনে সাংবাদিকক কৰা মন্তব্যৰ বাবে দুখ প্ৰকাশ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ নির্দেশ দিছে।  মন্ত্রী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যমত নিজৰ ভুল স্বীকাৰ কৰি দুখ প্রকাশ কৰে। তাৎপৰ্যপূৰ্ণ কথা এয়ে যে জয়ন্ত মল্লৰ এনে অবাঞ্ছিত মন্তব্যৰ বাবে কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, তেওঁৰ কেবিনেট সতীর্থ পীযূষ হাজৰিকায়ো দুখ প্রকাশ কৰিছিল। 

দেওবাৰে সামাজিক মাধ্যমত মন্ত্রী জয়ন্ত মল্লবৰুৱাই লিখিছে যে তেওঁৰ পিতৃয়ে ২২ বছৰ ধৰি দৈনিক অসম কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰাৰ সূত্রে সাংবাদিকৰ প্রতি শ্রদ্ধা তেওঁৰ সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এয়া সদায়েই থাকিব। তেওঁ স্পষ্টকৈ লিখিছে যে তেওঁ উক্ত সংবাদমেলত ইচ্ছাকৃতভাৱে কোনো সাংবাদিকক অপমান কৰা নাই। গতিকে তেওঁৰ কথাই যদি কাৰোবাৰ মনত আঘাত কৰিছে তাৰবাবে তেওঁ দুঃখিত। নিজৰ কথাৰ বাবেই বাৰে বাৰে ৰাজ্যবাসীৰ গালি আৰু গৰিহণা পাই থকা মন্ত্রীজনে লগতে এই কথাও লিখিছে যে এটা নির্দিষ্ট চেনেলৰ এজন সাংবাদিকৰ প্ৰশ্নত অতিষ্ঠ হৈহে তেওঁ এষাৰ নক'বলগীয়া কথা কৈ পেলাইছিল। সেই বাক্যশাৰী ক'ব নালাগিছিল বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয় যে এজন সাংবাদিকক উদ্দেশ্যি কোৱা সেই কথাত সমগ্র সাংবাদিক সমাজে দুখ পোৱাত তেওঁ আঘাত পাইছে আৰু সকলোকে ভুল নুবুজিবলৈ বিনম্রতাৰে অনুৰোধ জনাইছে। 

এই প্রসংগতে উল্লেখযোগ্য যে ৰঙিয়া ষ্টেছনত গৰুখুঁটি প্রকল্পলৈ অনা ৯০জনী গিৰগাই কেনেকৈ হেৰাল আৰু তেওঁৰ পত্নীয়ে কেনেকৈ ৰাজসাহায্য পালে সেয়া জানিবলৈ বিচৰাত সংবাদমেলখনত মন্ত্রীজনে হিতাহিত জ্ঞান হেৰুৱাই ইমানেই উত্তেজিত হৈ পৰিছিল যে তেওঁক দলৰ সভাপতি দিলীপ শইকীয়াই কালি আৱেগিক নহৈ ব্যাৱহাৰিক হ'বলৈ সকীয়াই দিবলগা হৈছিল।

Share This