উদ্বোধন কৰিব বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক বায়'ৰিফাইনেৰী, নুমলীগড়-মঙলদৈত আজি মোদী

dainik janambhumi September 14, 2025

ডিজিটেল ডেস্ক : আজি অর্থাৎ ১৪ ছেপ্টেম্বৰত নুমলীগড়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব পৃথিৱীৰ প্ৰথম বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প। ফিনলেণ্ডৰ প্ৰতিষ্ঠান ফৰটাম আৰু ক্যামপনিচৰ সহযোগত নুমলীগড় শোধনাগাৰৰ উদ্যোগত জৈৱ ইথানল প্রকল্পই দেশবাসীক এক নতুন মাত্রা প্রদান কৰিব। এই প্ৰকল্পৰ দ্বাৰা বছৰি ৫০ হাজাৰ মেট্রিক টন ইথানল উৎপন্ন হ'ব। ইথানলক পেট্রলৰ সৈতে সংযোগ কৰা হয় যাৰ ফলত খাৰুৱা তেল ক্ৰয় কৰাৰ নামত ব্যয় হোৱা বুজন পৰিমাণৰ ধন ৰাহি হ'ব। তদুপৰি ইয়াৰ বাবে প্রয়োজন হোৱা ভলুকা আৰু জাতি বাঁহ স্থানীয় কৃষকৰ পৰা ক্ৰয় কৰা হ'ব। ইতিমধ্যে ৩ হাজাৰ কৃষকে ইয়াৰ বাবে নাম পঞ্জীয়ন কৰিছে আৰু ৩০ হাজাৰ কৃষকৰ পোনপটীয়া লাভ হ'ব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই প্রায় ৬০ লাখ বাঁহ পুলি কৃষকৰ মাজত বিতৰণৰ লক্ষ্য হাতত লৈছে। 

প্রায় ৫০০০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ইথানল প্রকল্প মুকলি কৰাৰ লগতে ৭২০০ টকা ব্যয় সাপেক্ষে নির্মাণ কৰিব লগীয়া পলিপ্রপিলিন প্রকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হেলিকপ্টাৰযোগে লেটেকুজান হেলিপেডত অৱতৰণ কৰিব। প্রকল্প দুটা মুকলি আৰু আধাৰশিলাৰ পাছতেই প্রধানমন্ত্রী নিম আলিবাটেৰে গৈ টেংকাৰ পাার্কিঙৰ জনসভাত ৰাইজক উদ্দেশ্যি ভাষণ আগবঢ়াব। প্রধানমন্ত্রী নিম আলিবাট হৈছে নুমলীগড় শোধনাগাৰৰ পৰা টেংকাৰ পাৰ্কিঙলৈ নৱনির্মিত ২.২ কিঃমিঃ দৈৰ্ঘ্যৰ পথ। প্রধানমন্ত্রী মোদীৰ ভ্ৰমণ চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে লগতে প্রধানমন্ত্রী মোদীক সেউজ আদৰণি জনাবৰ বাবে পথছোৱাৰ দুয়োকাষে স্থানীয় বিধায়ক মৃণাল শইকীয়াৰ প্ৰচেষ্টাত প্রায় ৬০০ নিমপুলি ৰোপণ কৰা হৈছে। আনহাতে আজি হ'ব লগা জনসভাত লক্ষাধিক লোকৰ সমাগম ঘটাৰ সম্ভাৱনা আছে। যাৰ বাবে প্ৰশাসন আৰু আৰক্ষী প্রশাসনে কেতবোৰ ব্যৱস্থা গ্রহণ কৰিছে। যান- জঁটৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় সাপ্তাহিক বজাৰ আৰু দৈনিক বজাৰ বন্ধ ৰাখিব। 

জানিব পৰা মতে, ৪-৫ হাজাৰমান গাড়ী অহাৰ আশা আছে। যান-জট কমাবৰ বাবে জনসভাৰ দুয়োফালৰ ৫০০ মিটাৰ আঁতৰত সভালৈ অহা গাড়ীসমূহ ৰখাই নিৰ্ধাৰিত পার্কিং স্থানলৈ গাড়ীসমূহ পঠোৱা হ'ব। টেংকাৰ পাৰ্কিঙৰ পৰা ৰঙাজানলৈকে ৩২টা আৰু আনটো দিশে নুমলীগড়লৈকে ৩৩টা স্থানত গাড়ী পার্কিঙৰ ব্যৱস্থা কৰা হৈছে। পার্কিং স্থানসমূহত টয়লেট আৰু পানীৰ ব্যৱস্থা কৰাৰ লগতে সভাস্থলীতো যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে। জনতাৰ যাতে অসুবিধা নহয় তাৰ বাবে সভাস্থলীৰ বাহিৰে- ভিতৰে বহুতো স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে। সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।

Share This