ডিজিটেল ডেস্ক : ২০২৬ৰ অসম বিধানসভা নির্বাচনৰ বাবে সাজু হৈছে বিজেপি। যিমানেই নির্বাচনৰ দিন চমু চাপি আহিছে, সিমানেই অধিক তৎপৰতাৰে গেৰুৱা দলটোৱে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ ৰণক্ষেত্ৰত নামি পৰিছে। হেটত্ৰিকৰ আশাৰে বিজেপিয়ে তৃণমূল পর্যায়ত সাংগঠনিক ভেটি সবল কৰি তোলাৰ বাবে বিভিন্ন কর্মসূচী হাতত লোৱাৰ সময়তে অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। একপ্ৰকাৰ নিৰ্বাচনী ৰণডংকা বজাবলৈ আহিব লগীয়া প্রধানমন্ত্ৰীৰ এই আগমনৰ পাছতেই চলিত মাহৰে শেষৰ ফালে আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। এই দুয়োগৰাকী নেতাই নির্বাচনৰ পূৰ্বে অসমৰ ৰাইজক উপহাৰ দিব কেইবাটাও যুগান্তকাৰী প্রকল্প।
আনহাতে, ২০২১ চনৰ বিধানসভাৰ নির্বাচনত ৰাজ্যিক বিজেপিৰ প্ৰভাৰী হিচাপে গেৰুৱা দলটোক জয়ী কৰোৱাত বিশেষ ভূমিকা গ্রহণ কৰা বৈজন্ত জয় পাণ্ডাক দলৰ শীর্ষ নেতৃত্বই কালি অসমৰ নিৰ্বাচনী প্ৰভাৰী হিচাপে দায়িত্ব অর্পণ কৰিছে। দলৰ জ্যেষ্ঠ আৰু অভিজ্ঞ নেতা, ৰাষ্ট্ৰীয় সমিতিৰ উপ-সভাপতি, সাংসদ বৈজন্ত জয় পাণ্ডাক অসমৰ নিৰ্বাচনৰ দায়িত্ব দিয়াটো অত্যন্ত লক্ষণীয় হৈ পৰিছে। অসমৰ ৰাজনীতি নখ দর্পণত থকা পাণ্ডাৰ লগতে জম্মু কাশ্মীৰৰ প্ৰাক্তন মন্ত্ৰী, বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা ভাৰতীয় জনতা পার্টি জম্মু-কাশ্মীৰ প্ৰদেশৰ প্ৰাক্তন সাধাৰণ সম্পাদক সুনীল শৰ্মা আৰু ভাৰত চৰকাৰৰ প্ৰাক্তন ৰে'ল আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যিক মন্ত্ৰী, চুৰাট লোক সভাৰ প্রাক্তন সাংসদ দর্শনা কেন যার্দোষকো সহঃপ্ৰভাৰী হিচাপে দায়িত্ব প্রদান কৰা হৈছে।
উল্লেখযোগ্য যে অহা ২০ ডিচেম্বৰত অসমলৈ আহিব লগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনির্মিত টার্মিনেল উদ্বোধন কৰাৰ লগতে ভাৰতৰত্ন গোপীনাথ বৰদলৈৰে এটা প্রতিমূর্তিও উন্মোচন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ আন্তঃগাঁথনিৰ উপৰি যোগাযোগ ব্যৱস্থা, উদ্যোগ-বাণিজ্য আৰু পৰ্যটনকে ধৰি সৰ্বাংগীণ উন্নয়ন ত্বৰান্বিত কৰিব বুলি আশা কৰা হৈছে। এক্ট-ইষ্ট নীতিৰ অংশ হিচাপে নিৰ্মাণ কৰা এই অত্যাধুনিক বিমান বন্দৰ টার্মিনেলে বছৰি ১ কোটি ৩১ লাখ যাত্রীক সেৱা আগবঢ়াব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে ইতিমধ্যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য বিষয়াসকলে যাৱতীয় প্রস্তুতি গঢ়ি তুলিছে। আনহাতে এই প্রকল্প উদ্বোধন কৰি এখন জনসভাত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশ গ্রহণ কৰাৰ পাছত ২১ ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্রায় ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ আৰু ১২ লাখ মেট্রিকটন উৎপাদন ক্ষমতাৰ এমোনিয়া-ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে প্রধানমন্ত্রীয়ে নামৰূপত এখন জনসভাতো অংশগ্রহণ কৰিব। নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ এই উজনি অসম ভ্রমণক লৈ ইতিমধ্যে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী মন্ত্ৰী, বিধায়ক তৎপৰ হৈ পৰিছে। ইফালে প্ৰধানমন্ত্ৰীৰ পাছতেই অহা ২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাৰ নৱনির্মিত প্রকল্প ৰাইজৰ বাবে সেইদিনা উৎসৰ্গা কৰাৰ লগতে এখন জনসভাতো অংশ গ্রহণ কৰিব। মন কৰিব লগীয়া কথা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানক উল্লেখযোগ্য তীর্থক্ষেত্ৰ আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰে ২০২০ চনত নগাঁৱত বটদ্ৰৱা থানৰ নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। বটদ্ৰৱা প্ৰকল্পৰ এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৫০ হাজাৰৰো অধিক ভক্ত বৈষ্ণৱৰ সমাগম ঘটিব বুলি জানিব পৰা গৈছে। প্রণিধানযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহৰ আগমনে অনাগত অসমত বিধানসভা নির্বাচনত ব্যাপক প্রভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
কিয়নো দুয়োগৰাকীয়ে অসমৰ সমাজ-অর্থনীতিত প্ৰভাৱ পেলাব পৰা কেইবাটাও প্রকল্প মুকলি কৰিব। দলীয় সূত্রই প্রকাশ কৰা মতে, ডিচেম্বৰৰ পাছত প্রধানমন্ত্রী গৰাকী নতুন বছৰটোত অসমলৈ পুনৰ আহি কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুঠৰ ওপৰত গেৰুৱা দলটোৱে পুনৰ ৰাজপাট দখলৰ বাবে এইবাৰ কিছু সুকীয়া নীতি গ্রহণ কৰিছে। সেই অনুসৰি নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত ইটোৰ পাছত সিটোকৈ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধন কৰা হ'ব। যাতে ভোটাৰ ৰাইজ বিজেপিৰ উন্নয়নৰ ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয়। ক'বলৈ গ'লে প্ৰধানমন্ত্ৰীৰ আগমনৰ পাছৰে পৰাই ৰাজ্যত বলিবলৈ আৰম্ভ কৰিব নির্বাচনী বতাহ।