পহিলা বহাগৰ নিশা মৰাণত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন 

Rashmi April 16, 2025

ডিজিটেল ডেস্কঃ ৰঙালীৰ আনন্দ-উছাহৰ মাজতে পহিলা ব'হাগৰ নিশা মৰাণত শোকাৱহ পথ দূৰ্ঘটনাত নিহত হয় এজন ব্যক্তি৷ 

মৰাণৰ ২ নং সৰুপথাৰ নিবাসী হীৰাবাবা আলী নামৰ লোকজনে নিশা এখন চাইকেলেৰে মৰাণ নগৰৰ পৰা ঘৰলৈ গৈ থকাৰ অৱস্থাত এখন গাড়ীয়ে মহতিয়াই থৈ যায়৷ 

ঘটনাস্থলীতে থিতাতে নিহত হয় লোকজন।

উৎস: প্ৰাগ নিউজ ডিজিটেল

তেওঁৰ মৃতদেহ নিশাই মৰাণহাট আৰক্ষীয়ে উদ্ধাৰ কৰে৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰা AR 09 B 9990 নম্বৰৰ মাৰুতি ইগনিচ গাড়ীখন আজি পুৱা আৰক্ষীয়ে জব্দ কৰাৰ লগতে চালকজনক আটক কৰিছে৷

হীৰাবাবা আলীৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Share This