ডিজিটেল ডেস্ক : বিশ্ববাসীৰ আগত অসমৰ কলা-কৃষ্টি প্ৰদৰ্শনৰ বাবে বিহু, ঝুমইৰ, বাগুৰুম্বা আদি বর্ণিল কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অহা পাঁচ বছৰত অসমৰ কলা-কৃষ্টি দেশৰ ৰাজধানী দিল্লীতো প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। সৰুসজাই ষ্টেডিয়ামত আজি প্রদর্শন হ'বলগীয়া বাগুৰুম্বা নৃত্যৰ অনুশীলন চাবলৈ গৈ কালি এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। তেওঁ কয়, 'আমি গুৱহাটীত এই অনুষ্ঠানসমূহ আয়োজন কৰি অভিজ্ঞতা অর্জন কৰিলোঁ। কোনো অভিলেখৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই, একমাত্ৰ প্ৰদৰ্শনৰ বাবেহে আয়োজন কৰা হৈছে।'
আনহাতে, আজি অনুষ্ঠিত হ'ব লগীয়া বাগুৰুম্বা নৃত্যত অংশগ্রহণ কৰিব লগীয়া সকলো শিল্পীকে ২৫ হাজাৰ টকাকৈ আৰু নৃত্য প্রশিক্ষণ দিয়া প্রশিক্ষকসকলক ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব। অংশগ্রহণকাৰীসকলক দুখনকৈ মানপত্ৰ (এখন স্কিল চার্টিফিকেট আৰু এখন পামর্ফমেন্স চার্টিফিকেট) জিলা পর্যায়ত পাছত প্ৰদান কৰা হ'ব বুলিও কয় মুখ্যমন্ত্রীয়ে। ড° শর্মাই স্পষ্টভাৱে কয়, 'আমি জাতিৰ কলা-সংস্কৃতি বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিম।' আজিৰ অনুষ্ঠানত নেপালৰ পৰা ২৯গৰাকী, নগালেণ্ডৰ পৰা অহা ২৫গৰাকী আৰু পশ্চিম বংগৰ পৰা ৫১ গৰাকীসহ মুঠ ৯৬৬৭গৰাকীয়ে শিল্পীয়ে নৃত্য প্ৰদৰ্শন কৰিব। ইয়াৰ উপৰি, ২৫গৰাকীয়ে বিশেষজ্ঞ আৰু কৰিঅ'গ্ৰাফাৰ হিচাপে কাম কৰিছে বাৰগৰাকীয়ে। কাইলৈ প্রথমে অহাসকলে সৰুসজাইৰ ভিতৰৰ পৰা আৰু পলমকৈ অহাসকলে বাহিৰত লগাই থোৱা স্ক্রীনত বাগুৰুম্বা নৃত্য উপভোগ কৰিব পাৰিব।
ইফালে, আজি ৰাষ্ট্ৰীয় ঘাইপথলৈ বিশেষ কাম নাথাকিলে ওলাইনাহিবলৈ জনসাধাৰণক আহ্বান জনাই তেওঁ কয় যে আজি বিমান বন্দৰৰ সমীপত ৰাজ্যিক বিজেপিয়ে প্ৰধানমন্ত্ৰীগৰাকীক স্বাগতম জনাব। ইয়াৰ পাছত সৰুসজাই আহি পোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন খোলা গাড়ীত উঠি ষ্টেডিয়ামখনৰ চাৰিওফালে এপাক ঘূৰি শিল্পীসকলৰ কাষলৈ যাব বুলি জনাই ড° শর্মাই কয় যে কাইলৈ অনুষ্ঠানত প্রথমে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই, তাৰ পাছত বি টি চিৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ভাষণ দিব। ইয়াৰ পাছত মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে ভাষণ দিব। ভাষণৰ অন্তত বাগুৰুম্বা নৃত্য প্ৰদৰ্শন হ'ব। নৃত্যৰ পাছত এক লেজাৰ শ্ব' আৰু আতচবাজী প্ৰদৰ্শন কৰা হ'ব বুলিও জনায় মুখ্যমন্ত্রীয়ে।