ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খাই পৰা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মাকে ধৰি পাঁচজন লোকক কালি বাক্সাস্থিত জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে সৃষ্টি হোৱা এক হিংসাত্মক পৰিস্থিতিত আৰক্ষীৰ লগতে কেইবাজনো সাংবাদিকো আহত হয়। আনকি উত্তেজিত ৰাইজে আৰক্ষীৰ দুখন বাহনৰ লগতে ব্যক্তিগত ছেটেলাইট চেনেল এটাৰ এখন গাড়ী আৰু স্কুটীতো অগ্নিসংযোগ কৰে।
আনহাতে, ৰাইজৰ শিলাবৰ্ষণত বহুকেইজন সাংবাদিক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগীয়া পৰিস্থিতিৰো সৃষ্টি হয়। আনকি এটা কালভাৰ্টৰ তলত লুকাইহে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় বহুকেইজন সাংবাদিক। এনে ভয়ংকৰ পৰিস্থিতিত দৈনিক জনমভূমিৰ মুছলপুৰৰ সাংবাদিক জিন্টুমণি দাসৰ লগতে প্রাগ নিউজৰ ভিডিঅ' জার্নেলিষ্ট সৌৰভ দে' আহত হয়।
ইয়াৰ উপৰি, আহত হোৱা সাংবাদিককেইজন হৈছে ক্রমে নকুল তালুকদাৰ (প্রতিদিন টাইম), বনজিৎ কলিতা, অপূর্ব শর্মা (এন কে টিভি), প্রদীপ দাস, ধ্ৰুৱ বৰা (এন ডি ২৪), অভিজিৎ তালুকদাৰ (ডি ৱাই ৩৬৫), অক্ষেন্দ্র ডেকা (প্রতিবিম্ব লাইভ), বিৰিঞ্চি কুমাৰ ডেকা (নিউজ ১৮)।