১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি

dainik janambhumi September 10, 2025

ডিজিটেল ডেস্কঃ নিম্ন প্রাথমিক স্তৰৰ পৰা মাধ্যমিক পর্যায়লৈ ১২ হাজাৰৰো অধিক শিক্ষক পদত নিযুক্তি হ'ব বুলি আজি সংবাদ মাধ্যমৰ আগত মন্ত্রী ডাঃ পেগুৱে কয় যে চূড়ান্ত মেধাৰ তালিকা যিহেতু ওলোৱা নাই সেয়েহে শিক্ষক নিযুক্তিৰ সঠিক সংখ্যাটো এতিয়াই ক'ব পৰা নাযায়। কিন্তু ১২ হাজাৰৰো অধিক অর্থাৎ বৃহৎসংখ্যক শিক্ষক পদত অহা ১০ অক্টোবৰত নিযুক্তি হ'ব। সেইদিনা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ লগতে আৰক্ষী আৰু আন

আন বিভাগৰো নিযুক্তি হ'ব। ইফালে টিউটৰসকলে পূৰ্ণাংগ শিক্ষকৰ মৰ্যাদা বিচাৰি চলাই থকা আন্দোলনৰ প্ৰসংগত শিক্ষা মন্ত্রী ডাঃ পেগুৱে চৰকাৰৰ স্থিতি পুনৰ স্পষ্ট কৰে। তেওঁ কয় যে শিক্ষকলৈ উন্নীতকৰণত আইনী বাধা আছে। শিক্ষাৰ অধিকাৰ আইন, উচ্চতম ন্যায়ালয়, এন চি টি ইৰ নীতি-নির্দেশনাৰ কথা জড়িত হৈ আছে। শিক্ষকৰ বাবে টে'ট, ডি ই এল এড, বি এড আদি অৰ্হতাৰ বিষয়সমূহো জড়িত হৈ আছে। টিউটৰসকলে যি দৰমহা পাই আছে সেয়া বৃদ্ধি হ'ব লাগে সেই কথা চৰকাৰে মানি লৈছে। কেনেকৈ দৰমহা বঢ়াব পাৰি সেই কথা চৰকাৰে বিবেচনা কৰি আছে।

Share This