ডিজিটেল ডেস্ক : লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি খহাই কালি কার্যালয়ত ন-বিজেপি ভূপেন বৰাই শক্তি প্ৰদৰ্শন কৰে। বিহপুৰীয়া বিধানসভা সমষ্টিৰ ৬ শতাধিক কংগ্রেছ নেতা-কৰ্মীয়ে কালি ভূপেন বৰাৰ নেতৃত্বত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰি গেৰুৱা বসন পিন্ধে। মন্ত্রী ৰণোজ পেণ্ড, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, বিজেপি জিলা সভাপতি শ্যামল শৰ্মাৰ উপস্থিতিত এইসকল কংগ্রেছ নেতা-কর্মীয়ে গেৰুৱা দলত যোগদান কৰে। যি সময়ত বিহপুৰীয়াত ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে একাংশ বিজেপি কর্মীয়ে বিদ্রোহ ঘোষণা কৰিছে, তেনে সময়তে ভূপেন বৰাই কালি বিহপুৰীয়াৰ ৬ শতাধিক কংগ্ৰেছ কৰ্মীক বাছেৰে লখিমপুৰলৈ আনি বিজেপিত যোগদান কৰোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে।
একপ্ৰকাৰে ভূপেন বৰাই কালি কংগ্ৰেছৰ ভেটিত কঁপনি তুলি এনেদৰে শক্তি প্ৰদৰ্শনেৰে চমক সৃষ্টি কৰে। কালি এই বৃহৎ যোগদান কার্যসূচীত ভূপেন বৰাৰ নেতৃত্বত জিলা পৰিষদৰ প্ৰাক্তন সদস্য লীলাকান্ত দাস, গগন বৰা, ভাস্কৰ বৰা, কেশৱ কোঁৱৰ, বদন বণিয়া, প্রশান্ত বৰা, নোমল শইকীয়াকে ধৰি ভালেসংখ্যক নেতা-কর্মীয়ে বিজেপিত যোগদান কৰে। জিলা সভাপতিৰ উপস্থিতিত আৰু জিলা সম্পাদক জীতেন দত্তই আঁতধৰা যোগদান কার্যসূচীত নতুনকৈ বিজেপিত যোগদান কৰা এই লোকসকলক মন্ত্ৰী ৰণোজ পেণ্ড, বিধায়ক মানৱ ডেকা, জিলা সভাপতি শ্যামল শর্মা আদিয়ে গেৰুৱা দলৰ টুপী আৰু গামোচাৰে আদৰণি জনায়। মন্ত্ৰী ৰণোজ পেগু, বিধায়ক মানৱ ডেকাই কয় যে আজি বিজেপিত যোগদান কৰা সকলো লোকেই কালিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ একো একোজন কার্যকর্তা। দলত ভাল কাম কৰিলে তেওঁলোকক পদবী দিয়া হ'ব বুলিও বিজেপিৰ জিলা সভাপতি শ্যামল শর্মাই ব্যক্ত কৰে।
ইফালে ভূপেন বৰাই কালি এই সন্দৰ্ভত কয় যে বিহপুৰীয়াত এতিয়া বিজেপি অপ্ৰতিৰোধ্য আৰু ৰাইজে ভাল পোৱা এটা দল। বিজেপিৰ ৰণুৱা ঘোঁৰা এতিয়া বিহপুৰীয়াত তীব্র গতিত দৌৰিবলৈ ধৰিছে। তেওঁ দলত যোগদান কৰাৰ পাছত বিজেপিৰ একাংশ কার্যকর্তা ক্ষুব্ধ হোৱাটো স্বাভাৱিক কথা। ২০১৪ চনৰ পৰা এইসকল লোকে মোৰ বিৰুদ্ধে দলটোক শক্তিশালী কৰাত ব্ৰতী হৈ আছিল। সেয়ে তেওঁলোক অলপ অচৰপ অসন্তুষ্ট হ'ব পাৰে। কংগ্ৰেছ দলটোক এতিয়া দম্ভআৰু অহংকাৰে ছানি ধৰিছে বুলি উল্লেখ কৰি ন বিজেপি ভূপেন বৰাই আৰু কয় যে জাতীয় জীৱনৰ চেতনাত কংগ্ৰেছ দলত দম্ভ-অহংকাৰে নিঃশেষ কৰি পেলাইছে। এজনে সভাপতি ভঙা-পতা কৰিব পাৰোঁ বুলি দম্ভালি মাৰি অহাৰ লগতে আনজনে অহংকাৰ ভাবেৰে মই মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু ৰাহুল গান্ধীৰ লগত মোৰ ভাল বুলি অহংকাৰ কৰি আহিছে। একপ্ৰকাৰে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ নাম উল্লেখ নকৰাকৈ ভূপেন বৰাই তেওঁলোকক দাম্ভিক আৰু অহংকাৰী বুলি কটাক্ষ কৰে। বিহপুৰীয়াৰ বহু কংগ্ৰেছীয়ে অহা ২০ মাৰ্চৰ ওচৰে-পাঁজৰে বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীৰ প্ৰতি বিহপুৰীয়াবাসী আকৰ্ষিত হৈ পৰিছে।