ডিজিটেল ডেস্কঃ কোন দিশে গতি কৰিছে মানৱ সমাজ ! ৰাজ্যত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে মৰেল পুলিচিঙৰ ঘটনা ।
যোৱা মঙলবাৰে এগৰাকী মহিলাৰ ওপৰত চলিল মৰেল পুলিচৰ আক্ৰমণ । ঘটনা সংঘটিত হয় কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ পান ইংতি গাঁৱত । সাংবাদিকক মহিলাগৰাকীয়ে জনায় যে মহিলাগৰাকীক অতি নিৰ্মমভাৱে লাঠীৰে কোবায় ।আনকি তেওঁক ৰডেৰে খুঁচি-খুঁচি আৰু ডিঙি চেপি আক্ৰমণ কৰে ।
একাংশ উগ্ৰ মহিলাই আৰু মহিলা গৰাকীৰ পূৰ্বৰ স্বামী পিন্টো দেৱনাথ সমগ্ৰ ঘটনাত উপস্থিত আছিল । সকলোৱে মিলি পিন্টো দেৱনাথৰ নিৰ্দেশত মহিলা গৰাকীৰ চুলি কেছীৰে কাটি দিয়ে বুলি জানিব পৰা গৈছে ।
পৰৱৰ্তী সময়ত ঘটনাস্থলীৰ পৰা সংকট জনক অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰে হাওৰাঘাট আৰক্ষীয়ে । তাৰ পিছতেই হাওৰাঘাট চৰকাৰী চিকিৎসালয়ত আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰায় । পৰৱৰ্তী সময়ত ভুক্তভোগী মহিলাগৰাকীয়ে ন্যায় বিচাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে যদিও বাতৰি যুগুটোৱা সময়লৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই হাওৰাঘাট আৰক্ষীয়ে।
উৎস : প্ৰাগ নিউজ ডিজিটেল