মৰিগাঁৱত সংঘটিত এটি মৰ্মান্তিক পথ দুৰ্ঘটনাই সকলো কাঢ়ি নিলে এটা পৰিয়ালৰ

Rashmi December 01, 2025

ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ এটি খহনীয়া বিধ্বস্ত পৰিয়াললৈ এটি মৰ্মান্তিক পথ দুৰ্ঘটনাই অন্ধকাৰ নমাই আনিলে। এবাৰ, দুবাৰ নহয় ৬-৭ বাৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-ভেটি সকলো হেৰুওৱা এটি পৰিয়ালৰ কৰুণ গাথা। 

সোমবাৰে পুৱাই মৰিগাঁৱত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো 

ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত লেঙেৰিবড়ী গাঁৱত খহনীয়াত সকলো হেৰুৱাই  বিধ্বস্ত অনুৰাম ডেকাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে অকণমান মাটিৰ ব্যৱস্হা কৰি আশ্ৰয় লৈছিল গৈ জাগীৰোডৰ শৰতপাৰাত। পিতৃ-মাতৃয়ে দুই সন্তানক বুকুত সাৱটি আৰম্ভ কৰিছিল নতুন যাত্ৰা। পৰিয়ালটো পোহপাল দিয়াৰ তাগিদাত ২১ বছৰীয়া বৰ পুত্ৰ মানৱ জ্যোতিয়ে এখন ট্ৰাকৰ চালক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। কিন্তু নিয়তিৰ কৰুণ পৰিহাসত আজি সেয়াও শেষ হৈ গ'ল। 


আজি পুৱা মানৱ জ্যোতিয়ে AS 01 P 0597 নম্বৰৰ ট্ৰাকখন লৈ মৰিগাঁও চহৰৰ পৰা নগাঁও অভিমুখে গৈ থকা অৱস্হাত  ট্ৰাকখনৰ যান্ত্ৰিক বিজুতি ঘটে। প্ৰাণৰ মমতাত মানৱে চালকৰ ছিটৰ পৰা জঁপিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে যদিও নিজৰ ট্ৰাকৰ চকাৰ তলতে সোমাই থিতাতে নিহত হয় ।

ট্ৰাকখনে আশে-পাশে থকা কেইবাখনো দোকান ক্ষতিগ্ৰস্ত কৰি এখন ট্ৰেভেলাৰত খুন্দা মাৰে। এতিয়া খহনীয়া বিধ্বস্ত পৰিয়ালটো অন্ধকাৰৰ গৰাহত। হেৰুৱাবলৈ অনুৰাম ডেকাৰ পৰিয়ালটোৰ বাবে আৰু যেন একো নাথাকিল। মৰ্মান্তিক দুৰ্ঘটনাটোৱে সম্প্ৰতি  অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This