মৰিগাঁৱৰ চৰ-চাপৰিত অচিনাক্ত লোকৰ দপ্‌দপনি, ভয়-ভাবুকিৰে খিলঞ্জীয়া কৃষকৰ মাটি দখলৰ চেষ্টা

dainik janambhumi February 13, 2026

ডিজিটেল ডেস্ক : মৰিগাঁও জিলাৰ চৰ-চাপৰিসমূহত অচিনাক্ত লোকৰ আগ্রাসনে জিলাখনৰ খিলঞ্জীয়া কৃষকসকলৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছে। জিলাখনৰ চৰ-চাপৰিসমূহত দীর্ঘদিনে চকু পৰি আহিছে তেনে একাংশ অচিনাক্ত দুর্বৃত্তৰ প্ৰকৃতিৰ লোকৰ। উল্লেখযোগ্য যে যি সময়ত ৰাজ্যখনৰ বিভিন্ন চৰকাৰী ভূমিসমূহত উচ্ছেদ অভিযান চলাই ৰাজ্য চৰকাৰে বেদখলমুক্ত কৰিছে, তেনে সময়ত জিলাখনৰ লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনস্থ তথা দৰং-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী চৰ-চাপৰিসমূহত স্থানীয় একাংশ দেৱানীৰ ছত্ৰছায়াত অচিনাক্ত দুর্বৃত্তৰ প্ৰকৃতিৰ লোকে নিশাটোৰ ভিতৰতে ঘৰ-দুৱাৰ সাজি চৰৰ চৰকাৰী ভূমিসমূহ দখলত নামি পৰিছে।

তেনে অচিনাক্ত লোকে জিলাখনৰ খিলঞ্জীয়া কৃষিজীৱী লোকসকলক ভয়-ভাবুকি দিয়াৰ লগতে শাৰীৰিক-মানসিক নির্যাতন চলাই তেওঁলোকৰ ঘৰ-দুৱাৰ ভাঙি খেদি পঠিয়ায় আৰু খিলঞ্জীয়া লোকসকলৰ কৃষিভূমিসমূহ দখল কৰি তাণ্ডৱ চলাই আহিছে। শেহতীয়াকৈ তেনে ঘটনা সংঘটিত হৈছে জিলাখনৰ পিঁয়াজী চৰত। চৰটোত জিলাখনৰ তিৱা যুৱ-ছাত্ৰ পৰিষদ, কাৰ্বি সাংস্কৃতিক সমাজ আৰু ভাৰতীয় জনতা পাৰ্টিৰ অনুসূচীত জাতিৰ মৰিগাঁও জিলা সমিতিৰ নিবনুৱা যুৱকসকলে প্রায় ১ হাজাৰ বিঘা মাটিত মাকৈ খেতি কৰিছিল। বর্তমান কিছুসংখ্যক মাকৈ খেতি চপোৱাৰ সময় হৈছে। এনে সময়ত স্থানীয় কেইজনমান দেৱানী আৰু এটা গুণ্ডা বাহিনীৰ সহযোগত একাংশ অচিনাক্ত লোকে চৰটোত নিশাটোৰ ভিতৰতে ঘৰ-দুৱাৰ সাজি বসবাস কৰা পৰিলক্ষিত হৈছে। তদুপৰি চৰটোত এটা চক্ৰই নিশাটোৰ ভিতৰতে এখন অখ্যাত কৃষি সমবায় খুলি এটা কার্যালয় গৃহ স্থাপন কৰাৰ লগতে কলগছ আৰু আন গছ-গছনি ৰোপণ কৰি খেতি-মাটি দখলৰ চেষ্টা চলায়। এইক্ষেত্ৰত সংগঠনকেইটাৰ নিবনুৱা যুৱকসকলৰ লগতে কৃষিকর্মত নিয়োজিত খিলঞ্জীয়া লোকসকলে জনোৱা মতে, তেওঁলোকে মাকৈ খেতি কৰাৰ সময়ত সেই অচিনাক্ত লোকসকল তাত নাছিলেই, কিন্তু খেতি কৰাৰ পাছতে দৰঙৰ ফালৰ পৰা অহা অচিনাক্ত লোকসকলে তেওঁলোকৰ খেতি-মাটি দখলৰ চেষ্টাৰে হঠাতে চৰটোত ঘৰ-দুৱাৰ সাজি বসবাস কৰিবলৈ লৈছে। অভিযোগ মতে, এই অচিনাক্ত লোকসকলে কৃষি-কর্মত নিয়োজিত সংগঠনৰ যুৱকসকলৰ লগতে স্থানীয় লোকসকলকো ভয়-ভাবুকি দিছে। জানিব পৰা মতে, চৰটোত তেনে এটা গুণ্ডা বাহিনীয়ে স্থানীয় এজন লোকক মাৰপিট কৰি মটৰচাইকেল এখনো কাঢ়ি লৈ গৈছে। সেইদৰে সংগঠনকেইটাৰ যুৱকসকলে কৰা মাকৈ খেতিত দুর্বৃত্তৰ দলে কীটনাশক দ্রব্য ছটিয়াই কিছু খেতি অনিষ্ট কৰিছে।

ইফালে খেতি চপোৱাৰ প্ৰাকক্ষণত স্থানীয় একাংশ দেৱানীৰ সহযোগত অচিনাক্ত দুর্বৃত্তৰ দলে তেওঁলোকে কৰা শ শ বিঘা মাকৈ খেতি দখল কৰাৰ যি কৌশল ৰচনা কৰিছে, এইক্ষেত্ৰত পৰিস্থিতি ভয়াৱহ হ'ব বুলি সংগঠনকেইটাৰ নেতৃবৃন্দই দেৱানী আৰু দুর্বৃত্তৰ দলটোক সকীয়াই দিছে। ইফালে খেতি-মাটি দখলৰ কৌশল ৰচনা কৰা অচিনাক্ত আৰু দুর্বৃত্তৰ দলটোৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় মন্ত্রী পীয়ূষ হাজৰিকাক সংগঠনকেইটাৰ লগতে স্থানীয় লোকসকলে আহ্বান জনাইছে।

Share This