ডিজিটেল ডেস্কঃ পর্যাপ্ত আন্তঃগাঁথনি আৰু চিকিৎসাকর্মী নোহোৱাকৈ চলি আছে তিনিচুকীয়া জিলাৰ একাংশ নাৰ্ছিং হ'ম। কেৱল ধন ঘটাৰ আহিলা হিচাপেহে যে একাংশ নাৰ্ছিং হ'মে চিকিৎসা সেৱা প্ৰদান কৰিছে সেয়া নাৰ্ছিং হ'মসমূহত চিকিৎসাকর্মী নিয়োজিত নথকা বিষয়টোৱে স্পষ্ট কৰি তুলিছে। প্রাপ্ত তথ্য মতে, নাৰ্ছিং হ'মসমূহত যিমান পৰিমাণে নাৰ্ছ বা চিকিৎসা কর্মী থাকিব লাগে সিমান নাই।
আনহাতে, বহুকেইখন নাৰ্ছিং হ'মত কেৱল যিয়ে খুলিছে তেওঁৰ বাদে অন্য এগৰাকী চিকিৎসক লৈ বাকীসকলক 'ভিজিটিং ডাক্তৰ' হিচাপে লৈ নাৰ্ছিং হ'ম চলাই গৈছে। পর্যাপ্ত আন্তঃগাঁথনি আৰু চিকিৎসা কর্মী নথকাকৈ কেনেকৈ চিকিৎসা সেৱা চলাই গৈছে সেই বিষয়ে কেৱল নাৰ্ছিং হ'ম কর্তৃপক্ষ আৰু তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগহে অৱগত। বিষয়টোৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে জানিও নজনাৰ ভাও জোৰাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। নাৰ্ছিং হ'ম একাংশই জনজীৱনৰ সৈতে হেতালি খেলি থকা বিষয়টো স্পষ্ট হোৱাৰ পাছতো জিলা স্বাস্থ্য বিভাগে নাকী লগাব নোৱৰা মন কৰিবলগীয়া। বিভিন্ন সময়ত এনে একাংশ নাৰ্ছিং হ'মৰ বিৰুদ্ধে চিকিৎসা প্রদান সম্পর্কীয় বিভিন্ন অভিযোগ সততে উত্থাপন হৈ আহিছে। ইফালে, একাংশ নাৰ্ছিং হ'মৰ ঘটনা তদন্তৰ আওতালৈয়ো নহা নহয়। বৰঞ্চ এই নাৰ্ছিং হ'মসমূহক জিলা স্বাস্থ্য বিভাগে নির্বিঘ্নে বেহা চলাই যোৱাৰ ব্যৱস্থা কৰি দি লাইচেন্সহে প্রদান কৰিছে। একাংশ নাৰ্ছিং হ'মৰ আকৌ জিলা স্বাস্থ্য বিভাগে প্রদান কৰা লাইচেন্সৰ ম্যাদ উকলি গৈছে। ইয়াৰে জিলাখনৰ কেইবাখনো নাৰ্ছিং হ'মৰ ম্যাদ এপ্রিল, মে', জুন আৰু চলিত মাহত শেষ হৈছে। এতিয়া প্রশ্ন হৈছে- আন্তঃগাঁথনি আৰু পর্যাপ্ত চিকিৎসা কর্মী নথকাকৈ স্বাস্থ্য বিভাগে চিকিৎসা সেৱা প্ৰদান কৰিবলৈ অনুমতি প্রদান কৰে কেনেকৈ? কিহৰ ভিত্তিত স্বাস্থ্য বিভাগে লাইচেন্স প্রদান কৰে? নৱীকৰণ কৰে কিদৰে? উল্লেখযোগ্য যে তিনিচুকীয়া জিলাত ১৯খন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হ'ম আৰু চিকিৎসালয় আছে।