ডিজিটেল ডেস্ক : অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ নাগৰিক সন্মান 'ভাৰতৰত্ন' প্রদান কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে যোৰহাট লোক সভা সমষ্টিৰ সাংসদ তথা লোক সভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে। এই সন্দৰ্ভত প্রধানমন্ত্রীলৈ এখন পত্ৰ প্ৰেৰণ কৰি গৌৰৱ গগৈয়ে উল্লেখ কৰে যে জুবিন গাৰ্গৰ অকাল আৰু দুঃখজনক মৃত্যুৱে কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু দেশবাসীক গভীৰ শোকত নিমজ্জিত কৰিছে। অঞ্চলটোৰ সাংস্কৃতিক পৰিসৰত জুবিন গাৰ্গ এক বিশাল ব্যক্তিত্ব আছিল। তেওঁৰ প্ৰভাৱে অসমৰ সীমা অতিক্ৰম কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পর্যায়লৈ বিস্তৃত হৈছিল।
আনহাতে, বিগত বৰ্ষৰ ৩ ডিচেম্বৰত সংসদত জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ দাবী উত্থাপন কৰাৰ কথাও তেওঁ পত্ৰখনত উল্লেখ কৰে। ইয়াৰ পূৰ্বে যোৱা ৪ ডিচেম্বৰত তেওঁ বিদেশত চৰকাৰী সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত জুবিন গাৰ্গৰ কেনেদৰে কি পৰিস্থিতিত মৃত্যু হৈছিল সেই তথ্য বিচাৰিও বিদেশ মন্ত্রী ড° এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ সংগীত-সৃষ্টিৰ অনন্য অৱদানৰ কথা উল্লেখ কৰি কয় যে অসমীয়া ভাষা আৰু সংস্কৃতিক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাত জুবিন গার্গে যি ভূমিকা গ্রহণ কৰিছিল ভূমিকা সেয়া অতুলনীয়। তেওঁৰ সংগীতে অঞ্চলগত সীমা অতিক্ৰম কৰি ভাৰতৰ সামগ্রিক সাংস্কৃতিক ঐতিহ্যৰ এক স্থায়ী অংশ হিচাপে স্থান লাভ কৰিছে।
গৌৰৱ গগৈয়ে লগতে কয় যে প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ পাছত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলবাসীৰ মাজত সৃষ্টি হোৱা আৱেগৰ জোৱাৰে জুবিন গাৰ্গৰ জনপ্রিয়তা আৰু সাংস্কৃতিক গুৰুত্ব স্পষ্টভাৱে প্ৰতিফলিত কৰে। সেয়ে, জুবিন গাৰ্গক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদান কৰা হ'লে এয়া কেৱল এজন শিল্পীৰ সন্মানেই নহয়, বৰঞ্চ ভাৰতৰ বৈচিত্র্যময় সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিও এক উপযুক্ত ৰাষ্ট্ৰীয় স্বীকৃতি হ'ব বুলিও সাংসদগৰাকীয়ে মত প্রকাশ কৰে।