উদঙাইছে চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ, মুকালমুৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা

dainik janambhumi March 17, 2026

ডিজিটেল ডেস্ক: নলবাৰী জিলাৰ পূৰ্বৰ বৰক্ষেত্ৰী আৰু বৰ্তমান নৱগঠিত টিহু সমষ্টিৰ অন্তৰ্গত মুকালমুৱাৰ বৰলীয়াৰপাৰৰ এটি মূল পথে চৰকাৰৰ সমষ্টি উন্নয়নৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। 

নলবাৰী জিলাৰ মুকালমুৱাৰ সমীপৱৰ্তী বৰলীয়াৰপাৰস্থিত ৪২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথচাৰীয়ে নিতৌ যমৰ যন্ত্রণা ভুগিবলগীয়া হৈছে। উক্ত অতি ব্যক্ততাপূণ পথটোৱে গুৱাহাটীৰ পৰা বৰলীয়াৰপাৰ হৈ মুকালমুৱা-দৌলাশাল-বৰপেটাক সংযোগ কৰিছে। উক্ত পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ থকাত নিতৌ হাৰাশাস্তিত ভুগিছে পথচাৰীয়ে। 

জৰাজীৰ্ণ পথটিৰ শোচনীয় অৱস্থাৰ ফলত প্রায় প্রতিদিনেই দুচকীয়া-তিনিচকীয়া বাহন সৰু-বৰ দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। এজাক বৰষুণ আহিলেই বোকা-পানীৰে পৰিপূৰ্ণ পথছোৱা বৰ্তমান ৪২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অন্তর্ভুক্ত হৈছে। মুঠতে বিভাগীয় অৱহেলা আৰু চৰকাৰৰ অমনোযোগিতাৰ ফলতেই অতি ব্যস্ততাপূর্ণ পথটোত প্রতিদিনেই পথচাৰীয়ে দুর্ভোগ ভুগিবলগীয়া হৈছে। 

উক্ত পথটিৰ দুৰৱস্থা সন্দৰ্ভত অসম বিধানসভাৰ মজিয়াত দৃষ্টি আকৰ্ষণ কৰোঁতে অসমৰ মুখ্যমন্ত্ৰীয়ে উক্ত পথছোৱা ৪২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অন্তর্ভুক্তিকৰণ কৰাৰ বিষয়ে অৱগত কৰে। পিছে অসম চৰকাৰৰ শক্তিশালী মন্ত্রী চন্দ্র মোহন পাটোৱাৰীৰ সমষ্টিত পথৰ দুৰৱস্থা সন্দৰ্ভত সচেতন মহলৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে শীঘ্ৰে উক্ত পথছোৱা মেৰামতি কৰিবলৈ চৰকাৰ তথা বিভাগীয় বিষয়াসকলক দাবী জনাইছে।

Share This