সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰ জুবিন গাৰ্গৰ হত্যা-গোচৰ

dainik janambhumi December 18, 2025

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া এতিয়াৰ পৰা কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সলনি জিলা সত্র ন্যায়াধীশৰ আদালতত চলিব। কালি  এই গোচৰটোৱে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কালি গোচৰটো সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে গোচৰটোত হত্যাকাণ্ডৰ ধাৰা সংযোজন হৈ থকাৰ বাবেই সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰা হয়। লক্ষণীয় যে, আদালতে মঙলবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২২ ডিচেম্বৰত ধাৰ্য কৰিছিল। সেয়ে এতিয়া সেইদিনাৰ শুনানি সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হ'ব। সেইদিনা সাতোজন অভিযুক্তকে সত্র ন্যায়াধীশৰ আদালতত সোঁশৰীৰে হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। 

ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আছাম পাব্লিক ৱৰ্কছে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত দাখিল কৰা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ (৪৬/২০২৫) কালি শুনানি গ্রহণ কৰি অহা ১৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। শুনানিৰ সময়ত আদালতে কয় যে এছ আই টিয়ে দাখিল কৰা অভিযোগনামাখন যথেষ্ট ডাঙৰ। গতিকে সেইখন পৰীক্ষা কৰিবলৈ সময় লাগিব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰা তদন্ত আয়োগেও প্রতিবেদন দাখিল কৰিবলৈ বাকী আছে। সেই প্রতিবেদনখনো আদালতে পৰীক্ষা কৰিব লাগিব। এই দুয়োটা কাৰণতে আদালতক কিছু সময়ৰ প্ৰয়োজন হ'ব বাবে গোচৰটোৰ পৰৱৰ্তী শুনানি মার্চ মাহত ধাৰ্য কৰা হয়। 

উল্লেখযোগ্য যে এ পি ডব্লিউৱে আদালতত প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ তদন্ত কৰিবৰ বাবে চি বি আইক দায়িত্ব দিয়াৰ আৱেদন কৰিছে। ইফালে এছ আই টিয়ে দাখিল কৰা অভিযোগনামাৰ সুৰুঙা গ্রহণ কৰি অভিযুক্ত যাতে সাৰি যাব নোৱাৰে তাৰ ওপৰতো সংগঠনটোৱে চোকা দৃষ্টি ৰাখিব বুলি সংবাদ মাধ্যমৰ সন্মুখত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই প্রকাশ কৰে। কালি আদালতত গুচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰে।

Share This