শিৱসাগৰত গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ!  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

Rashmi September 06, 2025

ডিজিটেল ডেস্কঃ ৰাজ্যত গো-মাংস নিষিদ্ধ।  তৎসত্ত্বেও ভিন্ন প্ৰান্তত গো-মাংসৰ অবৈধ সৰবৰাহৰ ঘটনা পোহৰলৈ আহি থাকে আৰু এনে অপৰাধী আৰক্ষীৰ জালত পৰিয়েই আছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে গো-মাংসৰ বিৰুদ্ধে একশ্যন মুডত অসম আৰক্ষী৷

এইবাৰ পাছে গো-মাংসক লৈ নহয় গাহৰি মাংসকলৈহে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাৰ স্থান শিৱসাগৰৰ হালোৱাটিং।

হালোৱাটিং দোপদৰ বঙালী গাড়ীগাঁৱত মুছলমান যুৱকে বাধা দিছিল গাহৰি মাংস বিক্ৰী কৰাত।

আহোম সম্প্ৰদায়ৰ যুৱক মনোজ দুৱৰাক গাহৰি কাটি বিক্ৰী কৰাত বাধা দিছিল নূৰ মহম্মদ নামৰ যুৱকজনে। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আটাছু, বীৰ লাচিত সেনা, অসমীয়া যুৱ মঞ্চ আৰু স্থানীয় জনতাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি অঞ্চল কঁপাই তোলে। 

হালোৱাটিং আৰক্ষীয়ে আটক কৰি আনে নূৰ মহম্মদক।  আটক কৰাৰ পাছতে নূৰ মহম্মদে ক্ষমা খোজে বুলি পোহৰলৈ আহিছে।



উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This