লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ

Kakali Deka June 17, 2025

ডিজিটেল ডেস্কঃ লামডিঙৰ জংগলী কালিবাড়ি অঞ্চলত সংঘটিত হৈছে এক দুঃখজনক ঘটনা। পকা কুঁৱাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলাৰ মৃতদেহ। মৃত মহিলাগৰাকী হ’ল প্ৰিয়ংকা দেবনাথ,ঘৰ কাৰ্বি আংলং জিলাত।

কেৱল এটা মাহ পূৰ্বে প্রিয়ংকাৰ বিয়া হৈছিল লামডিঙৰ ৰকি দেবনাথৰ সৈতে।
মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বিয়াৰ পিছৰে পৰা যৌতুকৰ দাবী আৰু স্বামীৰ পৰকীয়া সম্পৰ্কৰ বাবে প্ৰিয়ংকাৰ ওপৰত চলিছিল নিয়মীয়াকৈ শাৰীৰিক আৰু মানসিক অত্যাচাৰ।

পুৱতি নিশা স্বামীৰ ঘৰস্থিত পকা কুঁৱাৰ পৰা প্ৰিয়ংকাৰ মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ লোকসকলে স্পষ্টকৈ কয়—এইটো আত্মহত্যা নহয়, এইটো এটা পৰিকল্পিত হত্যা।পৰিয়ালৰ অভিযোগৰ ভিত্তিত লামডিং আৰক্ষীয়ে অভিযুক্ত স্বামী ৰকি দেবনাথক গ্ৰেপ্তাৰ কৰিছে।

মৃতদেহটো মৰোণোক্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজলৈ পঠিওৱা হৈছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে।

Share This