শুকুৰবাৰে বিবাহ সম্পন্ন, আজি সীমান্তলৈ নগাঁৱৰ জোৱানৰ

dainik janambhumi May 10, 2025

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ কন্দলীৰ এজন সুঠাম যুৱক। তেওঁ এছ এছ বি অর্থাৎ সশস্ত্র সীমা সুৰক্ষা বাহিনীৰ এগৰাকী জোৱান। নেপাল সীমান্তত কৰ্মৰত এই এছ এছ বি জোৱানজনে নিজৰ বিয়াৰ বাবে তিনি মাহৰ ছুটী লৈ অলপতে ঘৰলৈ আহিছিল। ঘৰৰ মানুহে বিয়াৰ সকলো আয়োজন সম্পূর্ণ কৰি ৰাখিছিল। আলহী-অতিথিক আমন্ত্রণ জনোৱা হৈ গৈছিল। চোতালত সাজু হৈ উঠিছিল বিবাহ মণ্ডপৰ।

অহা সোমবাৰে এছ এছ বি জোৱানজনৰ ৰহাৰ ভকতগাঁৱৰ এগৰাকী যুৱতীৰ সৈতে বিয়া আছিল। দৰা-কইনাৰ গাত মাহ-হালধিৰ বোল নপৰোঁতেই, বিয়াৰ ঘৰ দুখনত বিয়া নাম, আয়তীৰ উৰুলি আৰু বেণ্ড পাৰ্টিৰ শব্দই ৰজনজনাবলৈ নাপাওঁতেই এছ এছ বিৰ জোৱানজনলৈ বিভাগীয় কর্তৃপক্ষৰ পৰা পৰহি জৰুৰী নির্দেশ-বার্তা আহিল। তেওঁ অতি সোনকালেই সীমান্তত এছ এছ বি কেম্পত যোগদান কৰিব লাগে। সেয়েহে পৰিয়ালৰ সিদ্ধান্ত মর্মে আৰু কইনা ঘৰৰ সন্মতি সাপেক্ষে বিবাহৰ ক্ষণ, লগ্ন আদি একাষৰীয়া কৰি শুকুৰবাৰে অনুষ্টুপীয়াকৈ বেবেজীয়া মাহৰিআটিৰ হৰিহৰ মন্দিৰত তেওঁলোকৰ বিয়াৰ ধৰ্মীয়-সামাজিক আনুষ্ঠানিকতাখিনি সম্পন্ন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। এই মন্দিৰতেই কালি এছ এছ বিৰ জোৱানজনৰ ৰহাৰ যুৱতীগৰাকীৰ সৈতে বিবাহকার্য সম্পন্ন কৰা হয়।

কিন্তু দেশপ্ৰেমৰ নিদর্শন দাঙি ধৰি সদ্যবিবাহিত যুৱকজনে গাৰ পৰা মাহ-হালধিৰ গোন্ধ নাযাওঁতেই শনিবাৰে ন কইনাক ঘৰত এৰি থৈ কৰ্মস্থলীলৈ ৰাওনা হ'বলৈ সাজু হোৱা বুলি সাংবাদিকৰ আগত সদৰী কৰে। নিজৰ লগতে কইনাৰো ফটো, নাম-পৰিচয় সেনা বাহিনীৰ নির্দেশনা অনুসৰি প্রকাশ নকৰিবলৈ সাংবাদিকক অনুৰোধ জনাই এছ এছ বিৰ জোৱানজনে কয়, 'এই সময়ত দেশৰ বাবে সেৱা আগবঢ়োৱাটো এজন জোৱানৰ প্ৰধান কৰ্তব্য।'

 

পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁ শনি বা দেওবাৰৰ ভিতৰতে সীমান্তলৈ ৰাওনা হ'ব। অহা সোমবাৰে বিয়াৰ অভ্যর্থনাৰ আয়োজন কৰা হৈছে। কিন্তু এই অভ্যর্থনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিব দৰা। মাতি পঠিয়াইছে যেতিয়া তেওঁ যাবই লাগিব।

Share This