অসমৰ ভূমিত ৰবৰ বাগান স্থাপন নগাৰ

dainik janambhumi July 04, 2025

ডিজিটেল ডেস্কঃ মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তবর্তী অঞ্চলসমূহত নগাৰ আগ্রাসন অব্যাহত আছে। অসম চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাৰ পূৰ্ণ সুযোগ লৈ নগালেণ্ডৰ সীমামূৰীয়া অঞ্চলত থকা অসমৰ ইখনৰ পাছত সিখন ঠাই নিজৰ দখললৈ নিছে নগাই।

যোৰহাট জিলাৰ মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তবর্তী অসমৰ মাটিত তিনিখনকৈ সংৰক্ষিত বনাঞ্চল আছে। কিন্তু তাৰেই সিংহভাগ মাটিয়েই নিজৰ দখললৈ নিলে নগালেণ্ডে। দিছে, দিছৈ ভেলী আৰু তিৰু হিলছ সংৰক্ষিত বনাঞ্চলৰ এতিয়া অস্তিত্বও পাবলৈ নোহোৱাৰ দৰে হৈ পৰিছে । কেৱল নামতহে বর্তি আছেগৈ তিনিওখন সংৰক্ষিত বনাঞ্চল। এতিয়া অসমৰ ৰাজহ ভূমিলৈও নগাৰ লোলুপ দৃষ্টি পৰিছে। ইয়াৰ মাজতে মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত আৰু নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাধীন নাগাজাংকা চাহ বাগিচাৰ কাষতে এইবাৰ নগাই বৃহৎ ৰবৰৰ বাগান স্থাপন কৰিছে। উল্লেখযোগ্য যে দিছে ভেলী সংৰক্ষিত বনাঞ্চলৰ কেইবা হেক্টৰ বনভূমি যোৱা মাৰ্চ মাহতে একাংশ নগাই অগ্নিসংযোগ কৰি জ্বলাই দিছিল। এই কার্যত সমীপৰে আওচাংগাম নামৰ এখন নগা বস্তিৰ লোক জড়িত আছিল বুলি জানিব পৰা গৈছিল। সেই সময়ত এয়া এক সাধাৰণ ঘটনা বুলি ভাবি যোৰহাট জিলা প্রশাসন, আৰক্ষী তথা যোৰহাট জিলাৰ বন বিভাগে একো পদক্ষেপ গ্রহণ নকৰিলে। ইয়াৰ পাছতে বাৰিষা আৰম্ভ হোৱাৰ লগে লগে উক্ত ভূমিত নগাই চাফ-চিকুণ কৰি বৃহৎ ৰবৰ বাগান স্থাপন কৰে।

জানিব পৰা মতে, কেইবা হাজাৰ ৰবৰ পুলি তাত ইতিমধ্যেই ৰোপণ কৰা হৈছে। মন কৰিব লগীয়া যে স্থানীয় লোকৰ অভিযোগ মতে, সেই ঠাইত স্থানীয় কিছু লোকে কেইবছৰমানৰ পূৰ্বে খেতি-বাতি কৰিবৰ বাবে ঠাই মোকলাইছিল। সেই বিষয়ে জানিব পাৰি একাংশ নগা লোকে স্থানীয় লোকসকলক ভাবুকি দিয়াৰ লগতে মাৰধৰো কৰিছিল। আনকি নগালেণ্ডৰ আদালতত গোচৰ তৰিও এইসকলৰ লোকক নগুৰ-নাকটি কৰিছিল বুলি স্থানীয় লোকে জানিবলৈ দিছে। ইফালে এই বেদখল কার্যত আওচাংগাম নগা বস্তিৰ জনৈক ব্যক্তি জড়িত থকা বুলি অভিযোগ উত্থাপন হৈছে। লক্ষণীয়ভাবে এই ৰবৰ বাগানত শ্রমিক হিচাপে স্থানীয় চাহ শ্রমিকে কাম কৰিছে। অসমৰ মাটি নগাই বেদখল কৰি তাত ৰবৰ বাগান স্থাপন কৰাৰ সময়ত কাষৰীয়া চাহ বাগিচাৰ শ্রমিকে কাম কৰা কাৰ্যই স্বাভাৱিকতে বিৰূপ প্রতিক্রিয়াৰো সৃষ্টি কৰিছে । 

ইফালে, নগাই বেদখল কৰা স্থানৰ আশে-পাশে পূর্বেও নগাৰ উপদ্ৰৱ হৈছে। সেয়েহে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিমটো কার্যকালত নাগাজাংকাৰ অসম-নগালেণ্ড সীমান্তবর্তী অঞ্চলত এটা সীমান্ত নিৰীক্ষণ চকী (বি অ'পি) স্থাপনৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল। কিন্তু বিগত প্রায় দহ বছৰৰো কালত উক্ত বি অ' পি স্থাপন নহ'ল। অসম- নগালেণ্ড সীমামূৰীয়া অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখন প্রকৃততে কিমান সচেতন, এনেবোৰ কথাই প্রমাণ কৰে। 

ইফালে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মিৰো এতিয়া এইবোৰ বিষয়ক লৈ সৰৱ হ'বলৈ যেন আহৰি নাই। কংগ্ৰেছ দলৰ বিধায়ক হৈ থাকোঁতে সীমা সমস্যাক লৈ সততে সৰৱ হৈ থকা বিধায়ক কুর্মি এতিয়া কার্যতঃ মৌন। একেই অৱস্থা বিভিন্ন দল-সংগঠনৰো। সংৰক্ষিত বনাঞ্চলৰ ভূমিত অসমৰ লোকে সামান্য কিবা এটা কৰিলেই জিলা প্রশাসন, বন বিভাগ জাঙুৰ খাই আহি উচ্ছেদ কৰাৰ লগতে বিভিন্ন গোচৰ ৰুজু কৰে। কিন্তু নগাৰ বেদখলৰ বিৰুদ্ধে এতিয়া সকলো নীৰৱ। চকু মুদা ভাও ধৰি আছে প্রশাসন, আৰক্ষী, বন বিভাগ সকলো। মৰিয়নিৰ অসম-নগালেণ্ড সীমান্তবর্তী অঞ্চলত হোৱা নগাৰ বেদখলৰ সম্পৰ্কত অসম চৰকাৰে ব্যৱস্থা গ্রহণ কৰিবনে?

Share This