ডিজিটেল ডেস্কঃ নলবাৰীৰ জোৱাৰ্দ্দি গাঁৱত আজি সংঘটিত হ’ল এটা ভয়ংকৰ ঘটনা। প্ৰতিগৰাকী মাতৃৰে কঁপি উঠিছে বুকু।
ছমহীয়া পুত্ৰ সন্তানৰ প্ৰাণ কাঢ়িলে পাষাণ মাতৃয়ে। পুখুৰীত দলিয়াই সন্তানটোৰ জীৱন কাঢ়িলে মাতৃয়ে।
পাৰিবাৰিক সংঘাতৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্হানীয় ৰাইজে।
৪টা সন্তানৰ মাজত সৰু আছিল মৃত সন্তানটি।
মৃত সন্তানটিৰ পিতৃ-মাতৃৰ নাম নৃপেন বৰ্মন আৰু গীতাঞ্জলি বৰ্মন। বেলশৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
ইতিমধ্যে পুলিচে মাতৃ গৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।