ডিজিটেল ডেস্কঃ শুকুৰবাৰে মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনা ভক্তিৰসত বিলীন হৈ পৰে নলবাৰীৰ হৰি মন্দিৰৰ বাকৰি। পবিত্র ভাদ মাহ উপলক্ষে কালি বিয়লি একলগে ৭ হাজাৰ নামতীয়ে দিহানাম পৰিৱেশন কৰি হৰি মন্দিৰৰ বাকৰিত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে।
উল্লেখযোগ্য যে নলবাৰী হৰি মন্দিৰ সমিতিৰ সভাপতি তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উদ্যোগত এই দিহানামৰ আয়োজন কৰা হৈছিল। এই দিহানামত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় মাধৱদেৱৰ তিথিৰ লগতে পবিত্র ভাদ মাহৰ সৈতে সংগতি ৰাখি এই দিহানামৰ আয়োজন কৰা হৈছিল।
ইয়াৰ যোগেদি এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব বিচৰা হৈছে। এনে আধ্যাত্মিক ধ্যান-ধাৰণাৰ যোগেদি দেশৰ বাবে সেৱা কৰিবলৈ ৰাইজক উদ্বুদ্ধ কৰিব। এনে দিহানামে সনাতনী সংস্কৃতিৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিব বুলিও মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আশা প্রকাশ কৰে।
প্রণিধানযোগ্য যে জিলাখনৰ সন্ধা, মৰোৱা, আৰিকুছি, ঘগ্ৰাপাৰ, চামতা, বেলশৰ, মুগকুছি, বৰভাগ আদি অঞ্চলৰ পৰা দিহানামৰ নামতী দলসমূহে অংশগ্ৰহণ কৰে। আনহাতে, নলবাৰীৰ হৰি মন্দিৰৰ বাকৰিত প্ৰতিবছৰে সমগ্ৰ ভাদ মাহজুৰি নাম-প্রসংগ অনুষ্ঠিত হৈ আহিছে।