ডিজিটেল ডেস্ক : নলবাৰী জিলাৰ পূব প্ৰান্তৰ পাটকাটা গাঁৱৰ কৃষিভূমিত পাটকাটা গাঁওবাসীৰ লগতে বৃহত্তৰ নলবাৰী গণসেৱা সংস্থাৰ কার্যকর্তাসকলে একেলগে ভূঁই ৰুই ৰ'দ-বৰষুণক নেওচি কপালৰ ঘাম মাটিত পেলাই কৃষিকাৰ্যৰে অন্ন উৎপাদন কৰা কৃষকসকলক উৎসাহ যোগায়। সামাজিক-সাংস্কৃতিক-শৈক্ষিক দিশৰ লগতে অর্থনৈতিক দিশত কাম কৰি চৰ্চাত অহা এটা বেচৰকাৰী সংস্থা হৈছে 'বৃহত্তৰ নলবাৰী গণসেৱা সংস্থা'। দেওবাৰে নলবাৰী জিলাৰ পূব প্ৰান্তৰ কৃষি চহকী গাঁও পাটকাটাত নলবাৰী গণসেৱা সংস্থাৰ উদ্যোগত ৰ'দ-বৰষুণক একাকাৰ কৰি অতি পৰিশ্ৰমেৰে কৃষিকার্যৰ মাধ্যমেৰে আমাক অন্নমুঠিৰ ব্যৱস্থা কৰি অহা কৃষকসকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে 'আমিও ভূঁই ৰুওঁ আহক' শীর্ষক অনুষ্ঠান ৰূপায়ণ কৰা হয়।
অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি পাটকাটা গাঁৱৰ কৃষিভূমিত পাটকাটা গাঁওবাসীৰ লগতে সংস্থাৰ কার্যকর্তাসকলে ভূঁই ৰোৱে। ইয়াৰ পাছত উপস্থিত কৃষকসকলক সম্বর্ধনা জনাই একেলগে অসমীয়া জলপান গ্রহণ কৰে।
অনুষ্ঠানত উপস্থিত থাকে বৃহত্তৰ গণসেৱা সংস্থাৰ সভাপতি নৱ কুমাৰ তালুকদাৰ, সম্পাদক দেৱজিৎ বেজবৰুৱা, কাৰ্যকৰী সভাপতি তপন বৈশ্য, উপ-সভাপতি ৰিজু ভট্ট। মুখ্য আহ্বায়ক কালিন্দ্র বৈশ্য, উৎপল বৈশ্য, দ্বিজেন ডেকা, আহ্বায়ক মণ্ডলী পংকজ বেজবৰুৱা, কালিন্দ্ৰ বৰ্মন, অৱনী কলিতা, অংকুৰ কলিতা, আনোৱাৰ হুছেইন, তপন দাস, মৃদুল কলিতা, হীৰক বেজ, অতুল ৰাজবংশী, ছাকলিন দ্বীপ, ভগৱান তালুকদাৰ, মানস শৰ্মাৰ লগতে কৃষকসকল।