৮০ বিঘা ভূমিত আলু, মাকৈ খেতিৰে স্বাৱলম্বী নলবাৰীৰ মুকুট

dainik janambhumi January 04, 2026

ডিজিটেল ডেস্ক : আলু আৰু মাকৈ খেতিৰে স্বাৱলম্বিতাৰ স্বপ্ন ৰচিছে দোদেতীয়া গাঁৱৰ মুকুট আলীয়ে। নলবাৰী জিলাৰ সীমান্তৱৰ্তী তথা নোনানদীৰ গাতে লাগি থকা গাঁওখনৰ যুৱকজনে মুঠ ৮০ বিঘা ভূমিত আলু আৰু মাকৈ খেতিৰে লাখপতি হ'বৰ মন মেলিছে। প্রত্যেক বছৰে এই আলু আৰু মাকৈ খেতিৰেই নিজকে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় যুৱকক আত্ম সংস্থাপন দিয়াৰো এক কৌশল যুগুতাইছে। অৱশ্যে তেওঁক কৃষি বিভাগৰ দিহা-পৰামৰ্শ আৰু চৰকাৰৰ সহায়-সহযোগিতাৰ একান্তই প্রয়োজন অনুভৱ কৰিছে। 

উল্লেখযোগ্য যে মুঠ ৮০ বিঘা নৈৰ পাৰৰ মাটি লীজত লৈ আলু আৰু মাকৈ খেতি কৰি স্বাৱলম্বিতাৰ বাট বুলিছে কৃষকগৰাকীয়ে। আলু আৰু মাকৈৰ গছবোৰ লহপহকৈ বাঢ়ি আহি ওখ হোৱাত অধিক লাভৱান হোৱাৰ আশা কৰিছে কৃষকজনে। তেওঁ আলু আৰু মাকৈৰ খেতিত এইবেলি ১০ লাখ খৰচ কৰিছে। আনুমানিক ২০ লাখ টকা উপাৰ্জনৰ লক্ষ্য লৈছে মুকুটে। মন কৰিবলগীয়া যে কোনোধৰণৰ চৰকাৰী সা-সুবিধা নোপোৱাকৈয়ে তেওঁ এই কৃষি কাৰ্যৰ লগত জড়িত হৈ আহিছে যদিও কোনো ধৰণৰ হতাশাত ভোগা নাই। 

বিগত দিনত কৃষকগৰাকীয়ে স্থানীয় কৃষি বিভাগ আৰু স্থানীয় বিধায়কক বহুবাৰ আৱেদন-নিবেদন কৰিছিল যদিও কোনো ধৰণৰ সঁহাৰি নাপালে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ প্রকাশ কৰিছে। আনকি তেওঁক প্রধানমন্ত্রীৰ সন্মান নিধিৰ ২০০০ টকাও আজিলৈ পাবলৈ সক্ষম নহ'ল বুলি জনাইছে। তেওঁ লগতে কয় যে চৰকাৰ তথা কৃষি বিভাগে কৃষকক বিভিন্ন আঁচনি দিয়া বুলি ঢাক-ঢোল বজাই আহিছে যদিও আমাৰ দৰে কৃষকক কিয় ঢুকি নাপায় বুলি প্রশ্ন উত্থাপন কৰিছে। ইপিনে কৃষকগৰাকীয়ে ইয়াকো কয় যে বৰ্তমান সময়ত যুৱকসকলে চাকৰিৰ পাছত দৌৰি থকাতকৈ কৃষি কর্মত মনোনিৱেশ কৰিলে অধিক লাভৱান হ'ব পাৰি।

Share This