ডিজিটেল ডেস্কঃ যোৱা শুকুৰবাৰে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত মোহখলি গাঁৱত সংঘটিত শিহৰণকাৰী ডকাইতি ঘটনাৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই। সেইদিনা নিশা জিলাৰ আয়ুক্ত কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্রমোদ চন্দ্ৰ বৰ্মনৰ গৃহত এটা তিনি-চাৰিজনীয়া ডকাইতৰ দলে ডকাইতি ঘটনা সংঘটিত কৰিছিল।
ডকাইতৰ দলটোৱে পৰিয়ালটোৰ পৰা ধন-সোণ লুটি নিয়াৰ লগতে পৰিয়ালৰ গৰাকী প্রমোদ চন্দ্ৰ বৰ্মনক (৭৫) মৰিয়াই মৰিয়াই ডিঙি চেপি হত্যা কৰিছিল। এই ডকাইতি ঘটনাই জিলাজুৰি কঁপাই গৈছিল। ঘটনাৰ পাছত মৃত প্রমোদ চন্দ্ৰ বৰ্মনৰ বাসগৃহত জিলা আৰক্ষী অধীক্ষক, আৰক্ষী বিষয়াৰ দল আৰু চি আই ডিৰ ডি আই জি ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত চি আই ডিৰ এটা দলে ঘটনাৰ তদন্ত আৰম্ভ কৰে।
তদন্ত কালত অঞ্চলটোৰ - তিনিজন নিৰীহ যুৱকৰ সোধা-পোছাৰ বাবে বেলশৰ থানাৰ আৰক্ষীয়ে ধৰি নি এৰি দিয়ে। ডকাইতি ঘটনাৰ ছয় দিনৰ পাছতো ডকাইতৰ কোনো ক্লু উলিয়াব পৰা নাই আৰক্ষীয়ে। কোনে সংঘটিত কৰিলে এই শিহৰণকাৰী ডকাইতি ঘটনা (?) এই চর্চা ৰাইজৰ মাজত বর্তমানেও অব্যাহত আছে।
ডকাইতৰ দলে কোনো অসুবিধা নোহোৱাকৈ গডৰেজ, আলমিৰা আনকি লকাৰৰ চাবি নিজে উলিয়াই সহজে ডকাইতি কৰা কাৰ্যত প্রমোদ চন্দ্ৰ বৰ্মন পৰিয়ালৰ কোনো সম্বন্ধীয় লোক জড়িত আছে নেকি এই বুলিও ৰাইজৰ মাজত চর্চা চলিছে।