ডিজিটেল ডেস্কঃ দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ স্থলী, জৈৱ-বৈচিত্র্যকে ধৰি বিভিন্ন প্ৰকাৰৰ আপুৰুগীয়া বন্যপ্রাণী আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ বিচৰণস্থলী শোণিতপুৰৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে চলোৱা উচ্ছেদ অভিযানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমাৰ ভিতৰত থকা পৰ্যটন কেন্দ্ৰকে ধৰি বাসগৃহ উচ্ছেদ কৰিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কালি পুৱাৰে পৰা চলোৱা হয় উচ্ছেদ অভিযান। শোণিতপুৰৰ বন প্ৰাধিকাৰী বি পিৰাইসুদনৰ নেতৃত্বত চলা উচ্ছেদ অভিযানত ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমাৰ ভিতৰত থকা মুঠ নটা অবৈধ পর্যটন কেন্দ্ৰ আৰু ৮০টা ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হয়। এই উচ্ছেদ অভিযান কালত বনাঞ্চলিক বিষয়া দেৱাশিস বুঢ়াগোহাঁই চাৰিদুৱাৰ বনাঞ্চলিক বিষয়া সুজিত নৰহ আৰু গাঁওবুঢ়াও উপস্থিত থাকে।
উল্লেখযোগ্য যে অলপতে ৰাজ্য চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে নামেৰীৰ নতুনকৈ নিৰ্মাণ কৰা মুখ্য দ্বাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি বনাঞ্চলখনৰ বেদখল সন্দৰ্ভত পর্যালোচনা কৰিছিল আৰু বন্যপ্ৰাণীৰ প্ৰাকৃতিক ৰম্যভূমি নামেৰীক জৈৱ-বৈচিত্র্যৰ কেন্দ্ৰবিন্দু হিচাপে সংৰক্ষিত কৰাৰ নিৰ্দেশ দিছিল।
উল্লেখযোগ্য যে দেওহাঁহৰ সংৰক্ষণ আৰু অন্যতম লীলাভূমি তথা নল গাহৰীৰ সুৰক্ষিত আৱাসভূমি নামেৰীত তিনিটা প্ৰজাতিৰ বাঘৰো বিচৰণ ভূমি। দেশৰ কেন্দ্ৰীয় চৰকাৰে ২০০০ চনত নামেৰীৰ প্ৰায় ৪৬৪ বর্গ কিল'মিটাৰ বনাঞ্চলেৰে আগুৰা বিস্তৃত বনভূমিক ব্যঘ্র প্রকল্প হিচাপে ঘোষণা কৰি বিশেষ মর্যাদা প্রদান কৰিছিল। আজিৰ উচ্ছেদৰ পাছতেই নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাধিকাৰী পিৰাই সুদনে কয় যে আজি যিসমূহ অবৈধ টুৰিষ্ট ৰিজ'ৰ্ট উচ্ছেদ কৰা হৈছে, সেইসমূহক বিভাগৰ তৰফৰ পৰা ছয় মাহ আগতেই জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে এই নির্দেশ অমান্য কৰাত নামেৰী ৰক্ষাৰ স্বাৰ্থত উচ্ছেদ কৰিবলৈ বাধ্য হৈছে। তেওঁ লগতে কয় যে এনে ৰিজ'ৰ্টসমূহ বিভিন্ন অসামাজিক কাৰ্যৰো ঘাটি আৰু এনে অবৈধ কাম-কাজৰ সম্ভেদ ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই লাভ কৰিছিল।
এনে কাৰণতে দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰ স্থলী নামেৰী উদ্যানৰ সুৰক্ষা আৰু সুনাম অক্ষুণ্ণ ৰখাৰ বাবেও বিভাগীয় কর্তৃপক্ষই উচ্ছেদ অভিযান চলায়। নামেৰীৰ প্ৰাধিকাৰীজনে লগতে সম্পূর্ণ বন আইন অনুসৰি অবৈধ নিৰ্মাণৰ ওপৰতে বুলডজাৰ চলোৱা হৈছে বুলি সাংবাদিকৰ আগত প্রকাশ কৰে। ইপিনে দীর্ঘদিন ধৰি ইয়াত বসবাস কৰি অহা একাংশ উচ্ছেদিত লোকে নামেৰী ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ এনেদৰে উচ্ছেদ চলোৱা বুলি অভিযোগ উত্থাপন কৰে।