ডিজিটেল ডেস্ক : গোলাঘাৰ নম্রতা বৰাৰ মৃত্যুৰ ঘটনাটো এতিয়া অত্যন্ত ৰহস্যঘন হৈ পৰাই নহয় সমগ্র ঘটনাটো এতিয়া দুর্ঘটনা নে হত্যাকাণ্ড সেই লৈও প্রশ্নৰ সৃষ্টি হৈছে। কাৰণ যিখন ট্রাকত নম্রতা বৰা আৰু তেওঁৰ ৪গৰাকী বন্ধু-বান্ধৱী আহি থকা এলাকজাৰ বাহনখনে খুন্দা মৰা বুলি কৈছিল সেই ট্রাকখনৰ কোনো সন্ধান মেঘালয় আৰক্ষীয়ে এতিয়ালৈকে উলিয়াব পৰা নাই। কেৱল ইমানেই নহয় দুর্ঘটনাটো সংঘটিত হোৱাৰ সময়ত যিজনে গাড়ীখন চলাই আহিছিল সেইজনে অর্থাৎ এ আই ইউ ডি এফৰ বিধায়ক আব্দুল বছিৰ আহমেদ কাচিমীৰ পুত্ৰ আনায়াতুল ৱাদুছে মিথ্যাচাৰৰ আশ্ৰয় লৈ কৈছে যে দুর্ঘটনাটো সংঘটিত হ'বৰ সময়ত ইছমাইল হক চৌধুৰী নামৰ এজন চালকেহে গাড়ীখন চলাইছিল।
কিন্তু উক্ত দিনা গাড়ীখনত থকা নম্রতাৰ আনকেইজন বন্ধু ক্রমে গায়ত্রী, প্রজ্ঞা আৰু মৃগাংকই স্পষ্টভাৱে কৈছে যে সেই সময়ত বিধায়ক পুত্রই গাড়ী চলাই আছিল আৰু তেওঁলোকৰ লগত কোনো চালক যোৱা নাছিল। দুর্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰা ট্রাকখনৰ সন্ধান উলিয়াব নোৱাৰা আৰু আনায়াতুলৰ মিথ্যাচাৰৰ বাবেই এতিয়া কঠোৰ হৈ পৰা মেঘালয় আৰক্ষীয়ে এই ঘটনাৰ জোৰদাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে। ইতিমধ্যেই ঘটনাৰ দিনা নম্ৰতাৰ লগত একেখন গাড়ীতে থকা বিধায়ক পুত্রসহ চাৰি বন্ধুক শুকুৰবাৰে পুৱাৰ ভাগত সোধা-পোছাৰ বাবে নংপো থানাত হাজিৰ হ'বলৈ কোৱা হৈছিল আৰু তেওঁলোকক সোধা-পোছা কৰিবৰ বাবে নংপো থানাত পুৱাই উপস্থিত হৈছিলহি মেঘালয়ৰ ৰিভয় জিলাৰ এছ এছ পি। কিন্তু তেওঁলোকৰ এজনো নংপো থানাত উপস্থিত নোহোৱাত এছ এছ পিজন ক্ষুব্ধ হৈ পৰে। প্ৰথমতে দুর্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ নহয় বুলি কোৱা নম্রতা বৰাৰ চাৰিগৰাকী বন্ধুৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱাৰ ইংগিত পোৱাৰ পাছত চাৰিওগৰাকী বন্ধুৱে থানাত হাজিৰ হয়গৈ।
ইফালে, নম্রতা বৰাৰ শিক্ষক পিতৃ ৰামন কুমাৰ বৰাই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি মহানগৰীৰ দিছপুৰ থানাতো এখন এজাহাৰ দাখিল কৰিছে। তেওঁ কয় যে নম্ৰতাৰ সাজ-পোছাকৰ সম্পৰ্কত তেওঁ ভালদৰেই পৰিচিত। গতিকে, ঘৰত পিন্ধা কাপোৰেৰে নম্রতা মেঘালয়লৈ যোৱাটো অসম্ভৱ বুলি দাবী কৰি তেওঁ কয় যে ঘৰত ফ'নটো এৰি থৈ যোৱা আৰু ঘৰত পিন্ধা কাপোৰেৰে ওলাই যোৱা ঘটনাটোৰ পৰা এটা কথা নিশ্চিত যে নম্রতাক ঘৰৰ তললৈ বা ওচৰৰ কোনো স্থানলৈ মাতি মেঘালয়লৈ লৈ যোৱা হ'ল। ৩ জুনৰ নিশা ১-৪০ বজাত নম্রতা বৰাৰ লগত মেঘালয়লৈ যোৱা গায়ত্ৰী বৰাই কয় যে আনায়াতুল ৱাদুদ তেওঁৰ পৰিয়ালৰ চিনাকি আৰু তেওঁৰ যোগেদিয়েই বিধায়ক পুত্ৰ আনায়াতুলৰ প্ৰজ্ঞা, মৃগাংক আৰু নম্ৰতাৰ লগত চিনাকি হৈছিল। প্রায় ৬/৮ মাহ পূর্বে প্রজ্ঞা আৰু মৃগাংকৰ দেৱালী পার্টি, তেওঁলোকৰ বাকদানৰ পাৰ্টিত গায়ত্ৰীৰ লগত যোৱা আনায়াতুলৰ বাকীবোৰৰ লগত চিনাকি হৈছিল। এই প্রসংগতে উল্লেখযোগ্য যে ৩ জুনৰ পুৱতি নিশা দুর্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই গায়ত্ৰী বৰা
আৰু আনায়াতুল ৱাদুদ বেলেগ এখন গাড়ীৰে গুৱাহাটীলৈ পলাই আহিছিল আৰু প্ৰায় তেতিয়াৰ পৰাই এ আই ইউ ডি এফৰ বিধায়কজন আৰু তেওঁৰ পূত্র সংবাদ মাধ্যমৰ পৰা পলাই ফুৰিছে। আটাইতকৈ ডাঙৰ কথা এয়ে যে নম্রতা বৰাই ৰুক্মিণীগাঁৱত থকা যিটো এপার্টমেণ্টত বাস কৰিছিল সেই নেহা এপার্টমেণ্টৰ নিৰাপত্তাৰক্ষীজনে কয় যে পূৰ্বতেও এনেদৰে মাজৰাতি নম্রতা ঘৰৰ পৰা ওলাই যোৱাৰ নজিৰ আছে আৰু সেইদিনা ১-৩৯ বজাত নম্রতাই নিৰাপত্তাৰক্ষীজনক গেট খুলি দিবলৈ কৈছিল।