নাৰায়ণপুৰত শিক্ষকৰ অপকৰ্ম

Rashmi April 08, 2025

ডিজিটেল ডেস্কঃ পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰিলে শিক্ষকে। এইবাৰ নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্ত্তী ট্ৰামজুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাম শইকীয়াই পঞ্চম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰীৰ লগত সংঘটিত কৰিলে জঘন্য কাণ্ড।সম্প্ৰতি বিদ্যালয়তে শিক্ষক ৰূপী লম্পটটোক আবদ্ধ কৰি ৰাখিছে স্থানীয় বিষ্ণুপুৰ নাৰী জাগৰণ মঞ্চৰ সদস্যাসকলে।

উল্লেখ্য যে ছাত্ৰীগৰাকীৰ মাক বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যা। শনিবাৰে অনুষ্ঠিত কৰা পৰিচালনা সমিতিৰ সভালৈ নিমন্ত্ৰণ কৰিবলৈ বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ ঘৰলৈ গৈছিল প্ৰধান শিক্ষক ৰাম শইকীয়া। সেই সময়ত ঘৰত কোনো নথকাৰ সুযোগ লৈ ছাত্ৰী গৰাকীৰ সৈতে অপকৰ্মত লিপ্ত হয় শিক্ষকৰূপী লম্পটটো।

অৱশেষত ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আজি বিদ্যালয়ত পাঠদান চলি থকা অবস্থাতে স্থানীয় বিষ্ণুপুৰ নাৰী জাগৰণ মঞ্চৰ সদস্যাসকলে লম্পট শিক্ষক ৰাম শইকীয়াক আটক কৰি আবদ্ধ কৰি ৰাখে। অৱশেষত নাৰায়ণপুৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ আবদ্ধ কৰি ৰখা শিক্ষক ৰূপী লম্পটটোক লৈ যায়।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This