নাৰায়ণপুৰত শিক্ষকৰ ঘৰত দিনদুপৰতে চুৰিকাণ্ড

Kakali Deka October 22, 2025

ডিজিটেল ডেস্কঃ নাৰায়ণপুৰৰ জৰাবাৰী চাৰিআলিত দিনদুপৰতে সংঘটিত হ'ল চুৰিকাণ্ড। পিছলাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক খগেন বৰুৱাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা বাসগৃহত সংঘটিত হয় চুৰিকাণ্ডৰ ঘটনা।


পতি-পত্নী দুয়ো বিয়লি বিদ্যালয়ৰ পৰা আহিহে গম পায় চুৰিকাণ্ডৰ কথা। ঘৰৰ আটাইকেইটা কোঠা লণ্ড-ভণ্ড কৰে চোৰে।


চোৰে কিমান পৰিমাণৰ সা-সামগ্ৰী লুটি নিয়ে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। সম্প্ৰতি নাৰায়ণপুৰ আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।


উল্লেখ্য যে তিনিবছৰ মানৰ পূৰ্বেও উক্ত পৰিয়ালটোৰ বাসগৃহত দিনদুপৰতে সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা।

Share This