ডিজিটেল ডেস্ক: ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটক কালি বিস্তৃত কাৰ্যসূচীৰে নগাঁও জিলাত উপস্থিত হয়। অধ্যক্ষাগৰাকীয়ে প্রথমেই নগাঁও জিলা পৰিষদৰ সভাকক্ষত জিলাখনৰ অৰুণোদয়, প্রধানমন্ত্রী আৱাস যোজনা, জননী সুৰক্ষা যোজনা, মাতৃ বন্দনা, মুখ্যমন্ত্রী উদ্যমিতা আঁচনিৰ হিতাধিকাৰী, অসম ৰাজ্যিক জীৱিকা অভিযানৰ আত্মসহায়ক গোটসমূহৰ সদস্যা, ভি অ' সদস্যা, চি এল এফৰ সদস্যা আৰু লাখপতি বাইদেউসকলৰ লগত এক সৌহার্দ্যপূর্ণ অন্তৰংগ মত- বিনিময় কার্যসূচীত মিলিত হৈ এই আঁচনিসমূহৰ জৰিয়তে তেওঁলোকৰ জীৱন-ধাৰণৰ মানৰ পৰিৱৰ্তন, সামাজিক মর্যাদা আৰু তেওঁলোকৰ মানসিক পৰিৱৰ্তনৰ সন্দৰ্ভত বুজ লয়।
অধ্যক্ষাগৰাকীয়ে কয় যে মহিলাসকলে যদি একত্রিত হৈ যিকোনো কামত অগ্ৰসৰ হয়, তেতিয়া ই সমাজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰে আৰু সমাজখন এক শুদ্ধ পথত আগবাঢ়ে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্দেশ্যে হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মহিলাৰ বাবে গ্রহণ কৰা আঁচনিসমূহ সঠিক ৰূপায়ণ হৈছেনে তাক নিৰীক্ষণ কৰা আৰু এই আঁচনিসমূহৰ জৰিয়তে মহিলাসকল ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিকভাৱে কিমান আত্মনিৰ্ভৰশীল হৈছে তাক সূক্ষ্মভাৱে পর্যবেক্ষণ কৰা।
তেওঁ উল্লেখ কৰে যে মা কামাখ্যাৰ আশীর্বাদপ্রাপ্ত অসমখন মহিলাক সন্মান প্রদান কৰা এখন অন্যতম ৰাজ্য। ড° ভূপেন হাজৰিকাৰ জন্মস্থান অসম ভূমি সাংস্কৃতিক ক্ষেত্রত অতিকৈ চহকী আৰু ইয়াৰ কলা-সংস্কৃতিয়ে সদায় তেওঁক আপ্লুত কৰি ৰাখিছে। সভাত উপস্থিত যিসকল মহিলাই চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ জৰিয়তে নিজকে সুপ্রতিষ্ঠিত কৰিছে তেওঁলোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই আঁত ধৰা অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ যুটীয়া সচিব ৰাধিকা চক্রৱর্তী, নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মা, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অৱৰ সচিব শালিনী ৰস্তুগী, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা বর্ণালী শইকীয়া বৰা, জিলা পৰিষদৰ সভানেত্রী গীতাঞ্জলি হাজৰিকা, অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা মামণি বৰাকে প্ৰমুখ্য কৰি জিলা পৰিষদ আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছতে অধ্যক্ষাগৰাকীয়ে নগাঁৱৰ আমনিস্থিত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় মহিলা আয়োগ, ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠান, অসমৰ দ্বাৰা আয়োজিত 'she is a changemaker' শীর্ষক পঞ্চায়তৰ নিৰ্বাচিত মহিলা প্রতিনিধিসকলৰ এক সজাগতা কৰ্মশালাৰ কাৰ্যসূচীৰ বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰে।
উক্ত কাৰ্যসূচীৰ আদৰণী ভাষণ দিয়ে জিলা আয়ুক্ত দেৱাশিস শৰ্মাই আৰু উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনীন্দ্র শর্মাই। অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে বিকশিত ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত মহিলাসকলৰ নেতৃত্ব আৰু ভূমিকাৰ সম্পৰ্কে বিস্তৃত ব্যাখ্যা আগবঢ়ায়।
সমগ্র দেশজুৰি বিভিন্ন ৰাজ্যত ৰাষ্ট্ৰীয় মহিলা আয়োগে বর্তমানলৈকে মহিলা সজাগতাৰ বাবে মহিলা পঞ্চায়ত প্রতিনিধিসকলৰ মাজত প্রায় ২০০টা সজাগতা কৰ্মশালাৰ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰিছে। ৰাজনীতিত মহিলাসকলৰ সবল অংশগ্ৰহণৰ বাবে চৰকাৰৰ মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত কয় যে ৰাজনৈতিক ক্ষেত্ৰত মহিলাসকলে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰনিৰ্ভৰ নহৈ নিজৰ সিদ্ধান্ত নিজেই গ্রহণ কৰিব লাগিব। তেতিয়াহে আমাৰ দেশৰ লগতে সমাজখন সকলো ক্ষেত্রতে আগবাঢ়ি যাব পাৰিব।
বাল্যবিবাহ, যৌতুক প্রথা, গার্হস্থ্য হিংসাৰ ক্ষেত্রত অনুষ্ঠানত উপস্থিত নির্বাচিত পঞ্চায়ত প্রতিনিধিসকলক সতর্ক দৃষ্টি ৰখাৰ লগতে নাৰী শিক্ষা আৰু চৰকাৰী আঁচনিৰ পৰা যাতে কোনো এগৰাকী মহিলা বঞ্চিত নহয়, তাৰ প্ৰতি সদা-সতর্ক হৈ থাকিবলৈ আহ্বান জনায়। তেওঁ কন্যা শিক্ষাৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰৰ 'বেটী বচাও, বেটী পঢ়াও'ৰ লগতে ৰাজ্য চৰকাৰৰ 'নিযুত মইনা আঁচনি' আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ 'মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ' প্রশংসা কৰে। এই ভ্রমণসূচীত নগাঁও জিলা প্ৰশাসনৰ অতিথ্যৰ বাবে তেওঁ প্রশাসনক ধন্যবাদ জ্ঞাপন কৰে।
কালিৰ এই অনুষ্ঠানতে অধ্যক্ষাগৰাকীয়ে 'পঞ্চায়ত কি জননায়িকাই' শীর্ষক পুস্তিকাৰ উন্মোচন কৰে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক অনুপম দত্তই। অনুষ্ঠানত নগাঁও আৰু হোজাই জিলাৰ জিলা পৰিষদৰ সভানেত্রীদ্বয়কে প্ৰমুখ্য কৰি জিলা দুখনৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ নির্বাচিত মহিলা প্রতিনিধিসকল উপস্থিত থাকে। অধ্যক্ষাগৰাকীয়ে ইয়াৰ পাছতেই জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ লগত এক পর্যালোচনা বৈঠকত মিলিত হয়। সভাৰ আৰম্ভণিতে অধ্যক্ষাগৰাকীক জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্তগৰাকীয়ে সম্ভাষণ জনায়। জিলা আয়ুক্তগৰাকীৰ বিশেষ উদ্যোগত উপস্থিত সকলোৱে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে' সমস্বৰে পৰিৱেশন কৰি অধ্যক্ষাগৰাকীক উষ্ম আদৰণী জনায়।
সভাত অধ্যক্ষাগৰাকীয়ে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ, সমাজ কল্যাণ, জলসিঞ্চন, One Stop Center আদিকে ধৰি বিভিন্ন বিভাগৰ পৰা তেওঁলোকে মহিলাৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বুজ লয়। অধ্যক্ষাগৰাকীয়ে নগাঁও আৰক্ষী নিৱেশৰ সভাকক্ষত জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ লগত মহিলাৰ সুৰক্ষাৰ বাবে গ্রহণ কৰা কাৰ্যব্যৱস্থাৰ ওপৰত বৈঠকত মিলিত হয়। অধ্যক্ষাগৰাকীয়ে আৰক্ষী নিৱেশৰ সভাকক্ষতে এখন সংবাদমেল সম্বোধন কৰে।