জ্যোতি চিত্রবনত অনুষ্ঠিত হ'ব নেশ্যনেল ফিল্ম ফেষ্টিভেল

dainik janambhumi November 28, 2025

ডিজিটেল ডেস্ক : উত্তৰ -পূব ভাৰতৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান তথা বিশ্ব সংবাদ কেন্দ্ৰৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমে আয়োজন কৰি অহা চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ কাইলৈৰ পৰা অৰ্থাৎ ২৯ আৰু ৩০ নৱেম্বৰত দুদিনীয়াকৈ কাহিলিপাৰাৰ জ্যোতি চিত্ৰবনত আৰম্ভ হ'ব বুলি চলচ্চিত্ৰমৰ সভাপতি নৱ ঠাকুৰীয়া আৰু সম্পাদক ভগৱত প্রীতমে কালি এক প্রেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে। ২০১৭ চনৰ পৰা প্ৰতিবছৰে চলচ্চিত্ৰমে ৰাষ্ট্ৰীয় চুটি ছবি আৰু তথ্যচিত্র মহোৎসৱ অনুষ্ঠিত কৰি আহিছে। এই প্রতিযোগিতাৰ মূল বিষয় 'আমাৰ ঐতিহ্য আমাৰ গৌৰৱ'। 

বিশ্ব সংবাদ কেন্দ্ৰ অসমৰ সহযোগী অনুষ্ঠান চলচ্চিত্ৰমৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় ছবি মহোৎসৱ প্ৰতিযোগিতাত উত্তৰ-পূবৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত সীমাবদ্ধ আছে। ভাৰতীয় ঐতিহ্য, খিলঞ্জীয়া সমাজ, স্বাধীনতা আন্দোলনৰ নায়ক, মহাকাব্য আৰু পৌৰাণিক কাহিনী, জাতীয় সংহতি, কলা আৰু সংস্কৃতি, পাণ্ডুলিপি, চিত্রকলা, সংগ্রহালয়, সংগীতজ্ঞ, লেখক, খিলঞ্জীয়া উৎসৱ, জাতি-জনগোষ্ঠী, কীৰ্তিচিহ্ন আৰু ঐতিহ্য ক্ষেত্র, সমাজ সংস্কাৰ, পৰম্পৰাগত ক্রীড়া, মহিলা সবলীকৰণ, পৰম্পৰা আৰু পাৰিবাৰিক মূল্যবোধ, যোগ আৰু আয়ুর্বেদ, সাংস্কৃতিক জাতীয়তাবাদ, চাহ আৰু তেল, পৰিৱেশ, কৃষি, শিক্ষা, মানৱ অধিকাৰ, উত্তৰ-পূব ভাৰতৰ পৰ্যটনৰ সম্ভাৱনা আদিৰ লগতে ভাৰতীয় কলা-সংস্কৃতি, পৰম্পৰা, নাৰী, দেশপ্রেম, ডিজিটেল পৃথিৱী, উন্নয়ন, পৰিৱেশ, মানুহ আৰু প্ৰকৃতি আৰু ভাৰতীয় পৰিয়াল বিষয়ক চুটি কাহিনী ছবি, তথ্যচিত্ৰ আৰু এনিমেশ্যন ছবিক প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ কৰা হৈছিল। আনহাতে, মহোৎসৱৰ আদৰ্শৰ লগত মিল থকা চুটি আৰু পূৰ্ণ দৈৰ্ঘ্যৰ ছবিও প্ৰদৰ্শনৰ ব্যৱস্থা কৰাৰ কথা আয়োজকসকলে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে বিশ্ব সংবাদ কেন্দ্ৰ-অসমৰ সহযোগী প্রতিষ্ঠান চলচ্চিত্ৰমৰ উদ্যোগত দুদিনীয়া উক্ত প্রতিযোগিতামূলক আৰু কেৱল প্রদর্শনী দুয়োটা শিতানত প্রায় ৩০খন চুটি ছবি আৰু তথ্যচিত্র প্ৰদৰ্শন কৰা হ'ব। ভাৰত বালাৰ পৰিচালনাৰ 'অহম ভৰতম' ছবিখন উদ্বোধনী ছবি হিচাপে প্রদর্শিত হ'ব। 

আনহাতে, পীযূষ ঠাকুৰৰ পৰিচালনাৰ 'দ্য ফাষ্ট ফিল্ম' সামৰণি ছবি হিচাপে প্রদর্শিত হ'ব। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি 'মন যায়' ছবিখনৰ বিশেষ প্ৰদৰ্শনৰো ব্যৱস্থা গ্রহণ কৰা হৈছে। বিশিষ্ট সমাজসেৱক ড° সুনীল মহান্তিয়ে শনিবাৰে পুৱা ১০ বজাত চলচ্চিত্ৰমৰ নেশ্যনেল ফিল্ম উৎসৱ আনুষ্ঠানিকভাবে উদ্বোধন কৰিব। শিল্পী, সমালোচক আৰু চলচ্চিত্র নির্মাতাসকলে গঠিত জুৰী ব'ৰ্ডে নিৰ্বাচন কৰা বিজয়ী ছবিসমূহক দেওবাৰে আবেলি ৪ বজাত ট্রফী, প্রমাণ-পত্ৰ আৰু নগদ ধনেৰে সন্মানিত কৰা হ'ব। সামৰণী অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়াৰ লগতে আন কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। আনহাতে, ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উপলক্ষে অনুষ্ঠানত তেওঁক বিশেষ শ্রদ্ধাঞ্জলি জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে।

Share This