ডিজিটেল ডেস্কঃ নাজিৰাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। যি ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে। নাজিৰাৰ মেজেঙাত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুর্ঘটনাত থিতাতে নিহত হয় দুজন লোক৷
মৃত লোক দুজন গেলেকীৰ নামদঙীয়া গাঁৱৰ যতীন শইকীয়া, আনজন ন-কচাৰীৰ পূৰ্ণ তামুলী৷ যতীন শইকীয়াৰ পুত্ৰৰ বিয়া আছিল। কইনা আনি ঘৰ সোমোৱাৰ পিছত এজন আলহীক থ'বলৈ গড়গাঁৱলৈ গৈছিল দৰাৰ পিতৃ যতীন শইকীয়া৷ যতীন শইকীয়াৰ গাড়ীতে গৈছিল পূৰ্ণ তামুলী নামৰ লোকজনো।
আলহীজনক ঘৰত থৈ ঘূৰি অহাৰ পথত পুৱা ৪ বজাত মেজেঙাৰ হুদুপাৰত দুর্ঘটনাত পতিত হয় তেওঁলোকৰ বাহন৷ এজোপা গছত খুন্দা মাৰে বাহনখনে।
দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি প্ৰথমে নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
বিয়াৰ আনন্দ ক্ষন্তেকতে পৰিৱৰ্তন হ’ল বিষাদলৈ। এই ঘটনাত দৰা-কইনাৰ পৰিয়াল শোকত ভাগি পৰাৰ লগতে সমগ্ৰ অঞ্চলসবাসী শোকত ম্ৰিয়মান হৈ পৰিছে।
উৎস প্ৰাগ নিউজ ডিজিটেল