মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ

Nikimoni Kachari April 30, 2026

ডিজিটেল ডেস্ক: মণিপুৰত ড্ৰাগছৰ বিৰুদ্ধে NCBৰ বৃহৎ অভিযান। চুবুৰীয়া ৰাজ্যখনত জব্দ প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন। NCB, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযান। চূড়াচান্দপুৰ জিলাৰ খুৱাখুৱালত জব্দ এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

৩.২৬৭ কিলোগ্ৰাম ওজনৰ মুঠ ৩৭৪ টা চাবোনৰ বাকচত উদ্ধাৰ হেৰ’ইন। ঘটনাৰ সৈতে জড়িত দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

এখন জিপছী গাড়ী আৰু এখন মটৰ চাইকেলসহ দুটা ৱায়াৰলেচ ছেট জব্দ। ম্যানমাৰৰ হাইচিনৰ পৰা চূড়াচান্দপুৰলৈ অনা হৈছিল এই নিষিদ্ধ হেৰ’ইনখিনি।

আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে NCB-ৰ ধাৰাবাহিক অভিযান অব্যাহত। চলিত বৰ্ষত এতিয়ালৈকে মণিপুৰত ৭৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে NCB-য়ে।

 

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This