ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত

Kakali Deka June 18, 2025

ডিজিটেল ডেস্কঃ  অনুন্নত ঠাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰে যেন প্ৰমাণ কৰি দিছে ছায়িদা মাৰিয়াই। ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুৱা ছায়িদা মাৰিয়াই এখন সৰু ভঙা ঘৰতেই অধ্যয়ন কৰি নিজৰ লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মাটি-ভেটি সকলো হেৰুওৱা ছায়িদাই হেৰুওৱা নাছিল শিক্ষাৰ প্ৰতি থকা প্ৰবল ইচ্ছা। সদ্য ঘোষিত NEET শিক্ষান্ত পৰীক্ষাত মায়ঙৰ গৰুবান্ধা নিৱাসী ছোলমান আলী আৰু বুশ্বা মাৰিয়াৰ কন্যা ছায়িদাই অতি কষ্টৰে পঢ়ি NEET পৰীক্ষাত উত্তীৰ্ণ হৈ গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে।

ছায়িদা মাৰিয়া মায়ঙৰ ব্যক্তিগত খণ্ডৰ লেহপটী জাতীয় বিদ্যালয়ৰ ছাত্ৰী আছিল ছায়িদা। লেহপটি জাতীয় বিদ্যালয়ত পঢ়ি থকাৰ পৰাই ছায়িদাৰ লক্ষ্য আছিল অতি পিছপৰা গৰাখহনীয়া অঞ্চল নিজৰ জন্মস্থান মায়ঙৰ গৰুবান্ধা গাঁৱৰ এজনী সু-চিকিৎসক হোৱাৰ। ছায়িদাৰ সেই সপোন পূৰণ হোৱাৰ পথত।

সৰ্বভাৰতীয় NEET পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ প্ৰথমবাৰতে স্থান পালে ছায়িদাই। ছায়িদাৰ এনে সফলতাত আনন্দিত আঞ্চলবাসীৰ লগতে লেহপটী জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল।

এক কথাত ক'বলৈ গ'লে মায়ঙৰ গৰুবন্ধা গাঁৱত এতিয়া আনন্দৰ জোৱাৰ। সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল দৰিদ্ৰ ছায়িদা। গাঁওবাসীযে জনালে সম্বৰ্ধনা।

Share This