২০২৫ চনত অসমৰ পৰা ২৫৪৭ গৰাকী তীৰ্থযাত্ৰী হজলৈ যাব: নেকিবুৰ জামান

Rashmi April 14, 2025

ডিজিটেল ডেস্কঃ ২০২৫ চনত অসমৰ পৰা মক্কা নগৰীৰ পবিত্ৰ হজ পালন কৰিবলৈ মুঠ ২৫৪৭ গৰাকী তীৰ্থযাত্ৰী যাব বুলি জয়েন্ট ষ্টেট হজ কমিটীৰ সভাপতি নেকিবুৰ জামানে জনাইছে।

অসম, মেঘালয় আৰু কাছাৰ জিলাৰ হজ কমিটীৰ যৌথ উদ্যোগত অনুষ্ঠিত হজ অ'ৰিয়েণ্টেছন আৰু প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈ নেকিবুৰ জামানে এই তথ্য প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাছাৰ জিলাৰ পৰা ৩৯৭ গৰাকী, শ্রীভূমিৰ পৰা ৪৩৯ গৰাকী আৰু হাইলাকান্দি জিলাৰ পৰা ২৮২ গৰাকী লোক হজৰ উদ্দেশ্যে যাব। ইয়াৰ উপৰি ৭৩০ গৰাকী মহিলা তীৰ্থযাত্ৰী মক্কা আৰু মদিনালৈ যাত্রা কৰিব।

হজ যাত্ৰী মূলতঃ কলকাতা, মুম্বাই আৰু গুৱাহাটী — এই তিনি স্থানৰ পৰা যাত্ৰা আৰম্ভ কৰিব। গুৱাহাটীৰ পৰা হজ যাত্ৰা ৩ মে'ৰ পৰা ৮ মে'ৰ ভিতৰত আৰম্ভ হ'ব আৰু তাৰ পাছত ১৫ মে'ৰ পৰা আন দলে যাত্রা আৰম্ভ কৰিব।

নেকিবুৰ জামানে হজ যাত্ৰীৰ সুবিধাৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্রীয় হজ কমিটীৰ ওচৰতো কিছুমান গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে।

এই অনুষ্ঠানত সহ-সভাপতি আৰু প্ৰাক্তন উপাধ্যক্ষ আমিনুল হক লস্কৰো উপস্থিত আছিল।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This