ডিজিটেল ডেস্কঃ মহানগৰীৰ বেলতলাত এগৰাকী শিক্ষাৰ্থীৰ ৰহস্যজনক মৃত্যু।
এখন আগশাৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰাৱাসত উদ্ধাৰ মৃতদেহটো।
মৃত ছাত্ৰজনক ২৪ বছৰীয়া বালটিগো কে চাংমা বুলি চিনাক্ত কৰা হৈছে।
মেঘালয়ৰ পৰা আহি বেলতলাৰ নেৰিম কলেজত অধ্যয়নৰত আছিল চাংমা।
তেওঁ আছিল LLB ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ।
ছাত্ৰাৱাসৰ নিজ কোঠাৰ বাথৰূমত উদ্ধাৰ কৰা হৈছে ছাত্ৰজনৰ মৃতদেহটো।
জানিব পৰা মতে দীৰ্ঘদিন ধৰি মানসিক অশান্তিত ভুগি আছিল যুৱকজন
মহাবিদ্যালয় কৰ্তৃপক্ষ তথা সহপাঠীসকল বিৰত থাকে কোনো মন্তব্য দিয়াৰ পৰা।
দিছপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
আৰক্ষীৰ তদন্ত অব্যাহত।