শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত নতুন সংযোজন, শ্ৰীশ্ৰীদামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ মুকলি

dainik janambhumi January 28, 2026

ডিজিটেল ডেস্ক: 'শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিসৰত ইতিমধ্যে স্থাপিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ আৰু শ্রীশ্রী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ দুটিয়ে অসমৰ সাংস্কৃতিক গৰিমাক অনন্য ৰূপ দি আহিছে যদিও কালিৰে পৰা নতুনকৈ সংযোজন হ'ল শ্রীশ্রী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ। 

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিসৰতে ৮০০ আসনযুক্ত শ্ৰীশ্ৰী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ কালি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। অত্যাধুনিক প্রযুক্তিৰে সমৃদ্ধ সুদৃশ্য প্রেক্ষাগৃহটো ৰাইজৰ বাবে মুকলি কৰি দিয়া উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নৱ নির্মিত প্রেক্ষাগৃহটিয়ে অসমৰ সাংস্কৃতিক পৰিকাঠামোক অধিক শক্তিশালী কৰিছে। প্রসংগক্রমে মুখ্যমন্ত্রীয়ে শ্রীশ্রী দামোদৰদেৱৰ আদৰ্শ আৰু কৰ্মৰাজিৰো চমু বিশ্লেষণ আগবঢ়ায়। তেওঁ লগতে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক সাৰোগত কৰি বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপনেৰে সঁচা অৰ্থত 'বৰঅসম' গঢ়ি তোলাৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। এই ক্ষেত্রত তেওঁ জনসাধাৰণৰ সহযোগিতা কামনা কৰে। 

আনহাতে, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে ৰূপায়ণ কৰি অহা বিভিন্ন প্ৰকল্পৰ এক আভাস মুখ্যমন্ত্ৰীগৰাকীয়ে দাঙি ধৰে। তেওঁ কয় যে কলাক্ষেত্ৰ সমাজৰ উদ্যোগত 'শ্ৰীমন্ত শংকৰদেৱ স্পিৰিচুৱেল চার্কিট' নামেৰে এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সেই অনুসৰি শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত অসমৰ ২১খন ঠাই নিৰ্বাচন কৰা হৈছে। জীৱনকালত গুৰুজনাই এদিন হ'লেও অতিবাহিত কৰা এই ২১খন পুণ্যভূমিক ভকত-বৈষ্ণৱৰ লগতে পৰ্যটকৰ বাবে আকর্ষণীয় স্থান ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি কলাক্ষেত্র সমাজে 'শংকৰদেৱ অভিযান' শীর্ষক এলানি কার্যসূচী অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে মহাপুৰুষগৰাকীৰ আৱিৰ্ভাৱৰ পৰা মহাপ্রয়াণলৈকে জীৱনকালৰ বিভিন্ন স্তৰৰ কৰ্মাদৰ্শৰ প্ৰতিফলনেৰে এক অভিনৱ চিত্ৰব্যাখ্যা প্ৰকল্পৰ কাম পূৰ্ণগতিত চলাই নিয়া হৈছে। 

আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ অনুসৰি কলাক্ষেত্ৰ সমাজৰ ফালৰ পৰা বিভিন্ন সত্ৰানুষ্ঠান আৰু সুধী সমাজৰ সৈতে যোগাযোগ কৰি সংগ্ৰহ কৰা পাঁচখন বহুমূলীয়া প্রাচীন সাঁচিপতীয়া পুথি ৰাষ্ট্ৰপতি ভৱনৰ পুথিভঁৰালত সংগ্ৰহ তথা সংৰক্ষণৰ বাবে আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰপতি ভৱনৰ 'গ্ৰন্থ কুটীৰ'ত শোভা বৃদ্ধি কৰা সাঁচিপতীয়া পুথিৰ এই অমূল্য সংগ্রহে অসমৰ স্বৰ্ণমণ্ডিত ঐতিহ্য-যাত্রাক অনন্য ৰূপ প্রদান কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। আনহাতে, গুৰুজনাৰ 'বৰঅসম'ৰ মহান ধাৰণাটোক সবল ৰূপত ধৰি ৰখাৰ লক্ষ্যৰে কলাক্ষেত্র সমাজে পর্যায়ক্রমে অনুষ্ঠিত কৰি অহা 'নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয়-বিনিময় অভিযান'ৰ অংশ হিচাপে বিভিন্ন জনগোষ্ঠীয় আৰু ভাষা-ভাষী প্রশিক্ষার্থীসকলক শিল্পীসত্তাত সত্রীয়া সংস্কৃতিৰ শিপা ৰোপণ কৰিবলৈ নিৰলসভাৱে প্রয়াস চলাই যোৱা হৈছে বুলি তেওঁ প্রকাশ কৰে। 

শেহতীয়াকৈ স্থাপিত ৫০০০ আসনযুক্ত জ্যোতি-বিষ্ণু কলা মন্দিৰ, বৰদোৱা প্ৰকল্প, মাটিয়াবাগ প্রাসাদৰ উন্নয়ন ইত্যাদি পৰিচালনাৰ দায়িত্ব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজক ন্যস্ত কৰা বুলিও মুখ্যমন্ত্রীয়ে প্রসংগক্রমে প্রকাশ কৰে। বহু বিশিষ্ট লোক আৰু অন্যান্য দর্শকেৰে পৰিপূৰ্ণ নৱ নির্মিত প্রেক্ষাগৃহটোত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী বিমল বড়াই। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্রাঞ্জল শইকীয়া, অসমৰ মুখ্য সচিব ড° ৰবি কোটা, পদ্মবিভূষণ সম্মানপ্রাপক তথা অকাডেমি ৰত্ন বঁটাৰে বিভূষিত যতীন গোস্বামী, অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড° বি কল্যাণ চক্রবর্তীও অনুষ্ঠানত উপস্থিত থাকে। অসম সংগীতেৰে আৰম্ভ হোৱা গাম্ভীর্যপূর্ণ অনুষ্ঠানটোত কলাক্ষেত্ৰ সমাজৰ দ্বাৰা ৰূপায়িত হৈ থকা 'অসমৰ নৃগোষ্ঠীয় সমন্বয় আৰু বিনিময় অভিযান'ৰ অন্তৰ্গত তিনিটা জনগোষ্ঠীৰ প্রশিক্ষিত শিল্পীসকলে মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰাৰ পাছতে আদৰণী ভাষণ আগবঢ়ায় শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতি প্রাঞ্জল শইকীয়াই। আনহাতে, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই ভাষণত শ্রীশ্রী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহই অসমৰ সাংস্কৃতিক আন্দোলনক এক নতুন মঞ্চ প্ৰদান কৰা বুলি মন্তব্য কৰাৰ লগতে নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম পুৰোধাগৰাকীৰ প্ৰতি পৰম শ্রদ্ধা প্রকাশ কৰে। তেওঁ লগতে শ্ৰীশ্ৰী দামোদৰদেৱৰ জীৱন আৰু আদৰ্শৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰে। 

মুখ্যমন্ত্রীসহ বিশিষ্ট ব্যক্তিসকলক মঞ্চলৈ আদৰণি জনায় কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰে। আনুষ্ঠানিক উদ্বোধনী পৰ্বৰ পাছতে নতুন প্রেক্ষাগৃহটোৰ মঞ্চত এক বাৰেবৰণীয়া সাংস্কৃতিক কাৰ্যসূচী সম্পন্ন কৰা হয়। জনপ্রিয় অভিনেতা কপিল বৰাই আঁত ধৰা সাংস্কৃতিক কাৰ্যসূচীত তিনিটা জনগোষ্ঠীৰ শিল্পীক লৈ কলাক্ষেত্র সমাজে বিগত সময়ছোৱাত অনুষ্ঠিত কৰা 'অসমৰ নৃগোষ্ঠীয় সমন্বয় আৰু বিনিময় অভিযান'ৰ প্রশিক্ষণ-কর্মশালাসমূহক সামৰি প্ৰস্তুত কৰা এক দৃশ্য-শ্রাব্য অনুষ্ঠান পৰিৱেশন কৰা হয়। তদুপৰি বিশিষ্ট বেহেলাবাদক মনোজ বৰুৱাৰ নেতৃত্বত দলীয় বেহেলা বাদন, 'অসমৰ নৃগোষ্ঠীয় সমন্বয় আৰু বিনিময় অভিযান'ৰ অন্তর্গত জনগোষ্ঠীয় শিল্পীৰ অংশগ্রহণেৰে 'আমাৰ অসম আমাৰ কলাক্ষেত্র' শীর্ষক সংগীতালেখ্য, ভোৰতাল নৃত্য, মূকাভিনয়ৰ লগতে জনপ্রিয় শিল্পী শংকুৰাজ কোঁৱৰৰ গীতৰ অনুষ্ঠানে ৰাইজক আপ্লুত কৰে।

Share This