শিক্ষাৰ্থীৰ ড্রপ আউটৰ হাৰ কমাবলৈ শিক্ষা বিভাগৰ নতুন পদক্ষেপ, বিদ্যালয়ত ৫ দিন উপস্থিত নাথাকিলে অভিভাৱকৰ ম'বাইললৈ যাব মেছেজ

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক: ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্রাস কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে গ্রহণ কৰিছে নতুন পদক্ষেপ। শিক্ষক আৰু শিক্ষার্থীৰ উপস্থিতি নিয়মীয়া কৰিবলৈ 'শিক্ষা সেতু' এপ বিদ্যালয়সমূহত ইতিমধ্যে প্রযোজ্য হৈ আছে।

একেৰাহে ৫ দিন কোনো শিক্ষার্থী বিদ্যালয়ত উপস্থিত নাথাকিলে অভিভাৱক আৰু শ্ৰেণী শিক্ষকৰ ম'বাইললৈ মেছেজ প্রেৰিত হ'ব। এই মেছেজ লাভ কৰাৰ পাছত শ্রেণী শিক্ষকে শিক্ষার্থীগৰাকী কিয় বিদ্যালয়ত উপস্থিত থকা নাই, সেই বিষয়ে অভিভাৱকৰ লগত কথা পাতি শিক্ষার্থীক বিদ্যালয়লৈ অনাৰ ব্যৱস্থা কৰিব।

উল্লেখযোগ্য যে 'শিক্ষা সেতু' এপটোৰ জৰিয়তে বিদ্যালয় শিক্ষা বিভাগে শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতি নিৰীক্ষণ কৰে। ইউনিচেফে চলোৱা অধ্যয়নত ওলাই পৰিছে যে পৰিয়ালৰ সমস্যা, অভিভাৱকৰ সজাগতাৰ অভাৱ আদি বিভিন্ন কাৰণত অসমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ সমস্যা আছে। সমস্যাটোৰ সমাধানৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি উন্নত কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে অনুপস্থিতিক লৈ এক নতুন, অত্যাধুনিক স্বয়ংক্রিয় এছ এম এছ ভিত্তিক সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে। 

সমগ্ৰ শিক্ষাৰ কাৰ্যালয়ত কালি এই শিক্ষা সেতু এপৰ জৰিয়তে স্বয়ংক্রিয় মেছেজ বাৰ্তা প্ৰেৰণৰ এই নতুন ব্যৱস্থা কালি উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। এই প্রযুক্তি ব্যৱহাৰৰ উদ্দেশ্য হৈছে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি নিয়মীয়া কৰা, শিক্ষাৰ ধাৰাবাহিকতা প্ৰসাৰ কৰা আৰু সকলো বিদ্যালয়তে আধাতে এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্রাস কৰাত মনোনিৱেশ কৰা। এই স্বয়ংচালিত মেছেজ প্ৰেৰণৰ ব্যৱস্থাই ছাত্র-ছাত্ৰীসকলৰ নিয়মীয়া উপস্থিতি নিৰীক্ষণ কৰিব যে কোন ছাত্র-ছাত্রীয়ে একেৰাহে ৫ দিন ধৰি অবিৰতভাৱে শ্ৰেণীত অনুপস্থিত আছে। অনুপস্থিতিক লৈ সতর্কবাণীসমূহ নির্দিষ্ট পাঁচ দিনৰ ব্যৱধানত স্বয়ংক্রিয়ভাৱে সৃষ্টি কৰা হ'ব আৰু সংশ্লিষ্ট ছাত্ৰজনে পুনৰ উপস্থিতি আৰম্ভ নকৰালৈকে চলি থাকিব, যাৰ ফলত পৰিয়াল আৰু বিদ্যালয়ৰ সৈতে অহৰহ সংযোগ নিশ্চিত হ'ব।

 এই ব্যৱস্থাৰ দ্বাৰা মেছেজপ্রাপ্ত দুজনৰ মাজত যোগাযোগ হ'ব। অনুপস্থিতিক লৈ সতর্কবাণীসমূহ দুই মূল অংশীদাৰলৈ প্ৰেৰিত হ'ব। শ্ৰেণী শিক্ষকসকলে সংশ্লিষ্ট ছাত্ৰৰ নাম, শ্ৰেণী আৰু অংশ স্পষ্টভাৱে উল্লেখ কৰা সতর্কবাণী লাভ কৰিব, যাৰ ফলত তেওঁলোকে ছাত্র-ছাত্ৰীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ বাবে অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পাৰিব। আনহাতে, অভিভাৱকসকলক তেওঁলোকৰ সন্তানৰ অবিৰত অনুপস্থিতিৰ সন্দৰ্ভত প্রত্যক্ষভাৱে প্রেৰিত মেছেজে সোঁৱৰাই থাকিব। এই ব্যৱস্থাই অভিভাৱকক নিজৰ সন্তানক বিদ্যালয়ত উপস্থিতিৰ বাবে উৎসাহিত কৰিব। এই ব্যৱস্থাৰে এছ এম এছত সতর্কবাণীসমূহ অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজীত ৫টা ভাষাত প্রস্তুত হ'ব। অসম যিহেতু এখন বহুভাষিক ৰাজ্য সেয়েহে অঞ্চল বিশেষৰ ভাষিক জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাষাত মেছেজ প্রেৰিত হ'ব।

Share This