৩-৪ ঘণ্টা স্তব্ধ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ , আলু, ট্ৰেক্টৰ লৈ শ শ কৃষকৰ প্ৰতিবাদ, উত্তাল শদিয়া

dainik janambhumi January 06, 2026

ডিজিটেল ডেস্ক : কৃষকৰ হাড়ভঙা পৰিশ্ৰমেৰে উৎপাদিত শস্যৰ উচিত মূল্য নোপোৱাৰ ক্ষোভত নৱবৰ্ষৰ দ্বিতীয় সপ্তাহৰ আৰম্ভণিতে কালি শদিয়াত শ শ কৃষকে ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ আহি পথ অৱৰোধ কৰি তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

পঞ্জাবৰ কৃষক আন্দোলনৰ দৰেই কালি পুৱাৰ ভাগতে স্বতঃস্ফূর্তভাৱে ৰাজপথলৈ শদিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা শ শ কৃষকে ট্ৰেক্টৰ, উৎপাদিত শস্য আদি লগত লৈ ওলাই আহে আৰু নিজৰ উৎপাদিত শস্যসমূহ ৰাষ্ট্ৰীয় ঘাইপথত দলিয়াই অভূতপূর্ব, উত্তাল প্রতিবাদ সাব্যস্ত কৰে। বিশেষকৈ শদিয়াৰ কৃষকৰ উৎপাদিত আলুৰ উচিত মূল্য বিচৰাৰ লগতে শদিয়াত এটা কেঁচা কৃষিজাত দ্রব্য মজুতকৰণৰ বাবে শীতলীকৰণ ভঁৰাল তথা শদিয়াৰ লগতে অসমৰ প্ৰতিখন জিলা, সমজিলাৰ সদৰত কৃষকৰ দ্বাৰাই নিয়ন্ত্রিত এখন বজাৰ মুকলি কৰাৰ আহ্বান জনাই শ শ কৃষকে কালি শদিয়া সমজিলাৰ আঠমাইল তিনিআলিত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আৰু এই প্রতিবাদী কাৰ্যসূচী ফলত কালি পুৱাৰ পৰা প্ৰায় ৩/৪ ঘণ্টাৰ বাবে শদিয়াৰ মাজেৰে পাৰ হৈ যোৱা ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল ব্যাহত হয়। 

উত্থাপিত অভিযোগ অনুসৰি, বৰ্তমান বজাৰত উপলব্ধ নতুন আলুৰ মূল্য অত্যধিক হৈ থকা সত্ত্বেও শদিয়াৰ কৃষকে এতিয়া প্রতি কিল'গ্রাম আলুৰ বিনিময়ত মাত্র ৬/৭ টকাহে লাভ কৰে। নিজৰ উৎপাদিত শস্যৰ উচিত মূল্য লাভ কৰাৰ পৰা বঞ্চিত হৈছে থলুৱা কৃষকসকল। একাংশ বহিৰাগত বণিক গোষ্ঠীয়ে অসমৰ অন্যান্য বজাৰসমূহৰ দৰেই আলুৰ বজাৰখনো একচেটিয়াভাৱে নিয়ন্ত্ৰণ কৰি চূড়ান্ত মইমতালিৰে নতুন আলুৰ দৰ নিৰ্ণয় কৰি আছে। এইক্ষেত্ৰত অসম চৰকাৰ, বিয়াগোম কৃষি বিভাগ বা সংশ্লিষ্ট আন আন বিভাগ নাইবা কর্তৃপক্ষসমূহেও চকু মুদা কুলিৰ ভাও ধৰি বহিৰাগত বণিয়াৰ পক্ষত অৱস্থান কৰি অহাৰ অভিযোগ উঠিছে। ফলত এতিয়া থলুৱা কৃষকসকলে উচিত মূল্য লাভৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। 

আন্দোলনকাৰী কৃষকসকলে জনোৱা মতে, বর্তমান শদিয়াত আলু খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা। প্রতি কিল'গ্রাম আলুৰ মূল্য ৬-৭ টকালৈ অৱনমিত হোৱাৰ বিপৰীতে কৃষকসকলে অন্যান্য খৰচসমূহ বাদ দি কেৱল কঠীয়া আলুৱে প্রতি কিল'গ্রামত প্রায় ৬০ টকা দৰত ক্ৰয় কৰিছিল। সেই দিশৰ পৰা এতিয়া কৃষকসকল লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। এনে পৰিস্থিতিৰ বাবেই এতিয়া খেতিয়কসকলে পথাৰ এৰি ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিবলৈ বাধ্য হৈছে। খেতিয়কৰ অভিযোগ- বহিঃৰাজ্যৰ পৰা অহা নিম্ন মানৰ আলুৱে ভৰি পৰিছে অসমৰ বজাৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত বজাৰত থলুৱা কৃষকৰ উৎপাদিত আলুৰ চাহিদা থকা সত্ত্বেও বিফল হ'বলগীয়া হৈছে। 

উল্লেখযোগ্য যে শদিয়াত বিভিন্ন প্রান্তত এইবাৰ শ শ কৃষক, শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে প্রায় ২৫-৩০শ হেক্টৰ ভূমিত বেংক তথা অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ পৰা ঋণ লৈ আলু খেতিত বিনিয়োগ কৰিছিল। কিন্তু এনে পৰিস্থিতিত এতিয়া শদিয়াৰ থলুৱা কৃষকসকল চৰম অনিশ্চয়তাত ভুগিছে কৃষকসকল। সততে উচ্চাৰিত হৈ থকা 'পথাৰ আমাৰ, বজাৰ আমাৰ'- এই শ্ল'গানৰ ওপৰত ক্ষোভ প্রকাশ কৰি প্ৰতিবাদকাৰী কৃষকসকলে কয়-পথাৰখন আমাৰ থলুৱা মানুহৰ হাতত কিছু পৰিমাণে হ'লেও আছে যদিও বজাৰখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে বহিৰাগত বণিক গোষ্ঠীয়ে। সেয়ে, শদিয়াৰ লগতে অসমৰ প্রতিখন জিলা, সমজিলাৰ সদৰত থলুৱা কৃষকৰ দ্বাৰাই নিয়ন্ত্রিত এখন বজাৰ মুকলি কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়। তেতিয়া অসমৰ জাতীয় অর্থনীতি অধিক মজবুত হোৱাৰ লগতে অসমৰ থলুৱা কৃষকসকল লাভৱান হ'ব বুলি দাবী উত্থাপন কৰে। 

একাংশ প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, তিনিচুকীয়াৰ জনৈক জে পি, ডিব্ৰুগড়ৰ জনৈক বচন নামৰ বহিৰাগত দুই ব্যৱসায়ীয়ে মূলতঃ শদিয়াৰ আলুৰ সমগ্ৰ বজাৰখন একচেটিয়াকৈ নিয়ন্ত্ৰণ কৰি আহিছে। এই বহিৰাগত বণিক গোষ্ঠীয়ে খেতিৰ আৰম্ভণিতেই আলুৰ বীজসমূহ কৃষকক প্রায় দুগুণ অধিক দামত বিক্ৰী কৰে। যাৰ ফলত কৃষকৰ শস্য চপোৱালৈকে বহু পৰিমাণে অত্যধিক খৰচ হয়। তদুপৰি, এই বহিৰাগত বণিক গোষ্ঠীৰ কিছু সংখ্যক এজেন্টে আলু বিক্ৰী কৰা সময়ত চলিত দামতকৈ কম মূল্য প্রদান কৰি কৃষকক মাধমাৰ শোধাই বুলিও অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত পূৰ্বতেও শদিয়াৰ কৃষকসকলে স্থানীয় জনপ্রতিনিধি, প্রশাসন, কৃষি বিভাগ নাইবা অসম চৰকাৰক জনাই অহা সত্ত্বেও আজিলৈকে এই বহিৰাগত বণিক গোষ্ঠীক নাকী লগাবলৈ কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। 

উল্লেখযোগ্য যে শদিয়াৰ শ শ কৃষকৰ এই প্ৰতিবাদত কালি স্তব্ধ হৈ পৰিল শদিয়াৰ ৰাজপথ। খেতিয়কসকলে কৰা এই আন্দোলনত প্রায় ৩/৪ ঘণ্টা সময় শদিয়াৰ ৰাজপথত যান-জঁটৰ সৃষ্টি হয়। পাছত শদিয়া সমজিলাৰ প্ৰশাসনৰ দণ্ডাধীশৰ হাতত প্রতিবাদকাৰী কৃষকে এখন স্মাৰক-পত্ৰ প্ৰদান কৰি সাময়িকভাৱে আন্দোলন স্থগিত কৰে। কম দিনৰ ভিতৰতে চৰকাৰে কৃষকৰ দাবীসমূহৰ ক্ষেত্ৰত যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে কৃষক ৰাইজে।

Share This